জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৭৪ আৰু বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৮১ ৰ বিভিন্ন দফা অনুসৰি অনুমোদন দিয়াৰ লগতে বায়' মেডিকেল আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি ১৯৯৮, ক্ষতিকাৰক আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি ১৯৮৯, পৌৰ কঠিন আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি ২০০০ৰ অধীনত অনুমতি আদি বোৰ্ডৰ প্রধান কামবোৰৰ ভিতৰত অন্যতম৷ উদ্যোগীসকলে ইয়াৰ পৰা NOC/অনুমোদন/অনুমতি লাভ কৰাৰ ক্ষেত্রত প্রয়োজনীয় দুটামান কথা তলত উল্লেখ কৰা হ'ল:
জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৭৪ ৰ বিভিন্ন দফাত উল্লেখ থকা অনুমোদিত নিৰ্দ্দেষণাসমূহৰ ৰূপায়নৰ জৰিয়তে জল প্ৰদূষণ ৰোধ কৰিব পৰা যায় ৷এই নিৰ্দ্দেষণাসমূহে প্রবাহৰ পৰিমান আৰু মানদণ্ডৰ লগতে নিৰ্গমনৰ স্থান আৰু প্রবাহৰ পৰ্যবেক্ষণৰ পুনৰাবৃত্তি আদি নিয়ণ্ত্রণ কৰে ৷ বোৰ্ডৰ দ্বাৰা পৃষ্ঠভাগ তথা ভূগৰ্ভষ্ঠ পানী পৰ্যবেক্ষণৰ অৰ্থ হ'ল বিগত বছৰসমূহত পানীৰ গুণগত মান উন্নত হৈছে আৰু এই পানী সামগ্রিকভাবে সঠিক মানদণ্ডৰ ৷
বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৮১ অনুসৰি বায়ুমণ্ডলত গেছীয় নিৰ্গমনৰ হেতু উদ্যোগসমূহে বোৰ্ডৰ পৰা অনুমতি লোৱাতো বাঞ্চনীয় ৷ নিৰ্গমনৰ পৰিমান তথা গুণগত মানদণ্ডৰ লগতে ইয়াৰ ফ্রিকুৱেন্সি নিয়ণ্ত্ৰণৰ ক্ষেত্রতো বোৰ্ডে উদ্যোগসমূহক অনুমতি প্রদান কৰে ৷
বায়ু প্ৰদূষণ / জল প্ৰদূষণৰ সম্ভাৱনা থকা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত , উদ্যোগসমূহে বায়ু আইন আৰু জল আইনৰ অধীনত অনুমতি ল'ব লাগে ৷ এই অনুমতি দুটা পৰ্যায়ত লোৱা হয়:
উদ্যোগ স্থাপনৰ অনুমতি (NOC) | এই অনুমতি উদ্যোগ / প্রক্ৰিয়া /প্রকল্প স্থাপনৰ পূৰ্বে লোৱা হয় ৷ |
উদ্যোগ চালনৰ অনুমতি (প্রাৰম্ভিক আৰু নবীকৰণ) | প্রস্তাবিত উদ্যোগ/ প্রকল্পটি যাবতীয় প্ৰদূষণ নিয়ণ্ত্ৰণ ব্যৱস্থাৰ সৈতে স্থাপন কৰাৰ পাছত উদ্যোগীসকলে উদ্যোগটি চলোৱাৰ বাবে অনুমতি ল'ব লাগে ৷এই অনুমতি এক নিৰ্দিষ্ট সময়ৰ বাবে দিয়া হয়, যাৰ নিয়মীয়া নৱীকৰণ বাঞ্চনীয়৷ |
প্রকল্প স্থাপনৰ/নিৰ্মানৰ পূৰ্বে প্রস্তাবিত উদ্যোগটিয়ে জল আইন আৰু/অথবা বায়ু আইনৰ অধীনত NOC ল'ব লাগে ৷ জল আইন/ বায়ু আইনৰ অধীনত NOC (স্থাপনৰ অনুমতি)ৰ আবেদন বোৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে বৈকল্পিক পত্রৰ দ্বাৰা কৰিব লাগে ৷ এই আবেদন পত্রৰ মাচুল এশ টকা আৰু বোৰ্ডৰ আটাইবোৰ কাৰ্যালয়তে উপলব্ধ ৷
প্রয়োজন অনুসৰি এই পত্র ৱেবছাইটৰ পৰাও downloaded কৰিব পৰা যায় ৷ ৷আবেদনৰ মাচুল সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটী কাৰ্যালয়ৰ নামত DD ৰ জৰিয়তে দিব পৰা যায় ৷
যিসকলে ইতিমধ্যেই NOC লাভ কৰিছে , তেওঁলোকে উপৰোক্ত পত্রৰ দ্বাৰা আকৌ আবেদন কৰাৰ প্রয়োজন নাই ।
প্রস্তাবিত উদ্যোগস্থলিত কোনো ধৰণৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই NOC লোৱাটো বাঞ্চনীয় ৷ অৱশ্যে তলত দিয়া চৰ্ত্তসমূহ পূৰণ কৰিলে,নিৰ্মাণ আৰম্ভ হোৱাৰ পাছতো NOC দিয়া হয়:
এই NOC ৰ বৈধতা এবছৰ ৷ তেতিয়ালৈকে কাম আৰম্ভ নকৰিলে NOC ৰ নৱীকৰণ কৰাব লাগে ৷ বৈধ সময়ৰ ভিতৰত নৱীকৰণ নকৰালে, আকৌ নতুনকৈ আবেদন কৰিব লাগে ৷
অনুমতিৰ আবেদনৰ সৈতে জমা দিবলগীয়া নথি-পত্র সমূহ হ'ল :
ক্রমিক নং | মুঠ বিনিয়োগ (টকা) | স্থাপনৰ অনুমতিৰ (NOC) মাচুল (টকা) |
---|---|---|
১ | ৫ লাখ পৰ্যন্ত বিনিয়োগৰ উদ্যোগ | ২,০০০/- |
২ | ৫ লাখতকৈ অধিক কিন্তু ১০ লাখতকৈ কম বিনিয়োগৰ উদ্যোগ | ৫,০০০/- |
৩ | ১০ লাখতকৈ অধিক কিন্তু ২০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ | ৮,০০০/- |
৪ | ২০ লাখতকৈ অধিক কিন্তু ৫০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ | ১২,০০০/- |
৫ | ৫০ লাখতকৈ অধিক কিন্তু ১কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ৫০,০০০/- |
৬ | ১কোটিতকৈ অধিক কিন্তু ৫কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ৭৫,০০০/- |
৭ | ৫কোটিতকৈ অধিক কিন্তু ১০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ১,০০,০০০/- |
৮ | ১০কোটিতকৈ অধিক কিন্তু ৫০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ২,০০,০০০/- |
৯ | ৫০কোটিতকৈ অধিক কিন্তু ১০০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ৩,০০,০০০/- |
১০ | ১০০কোটিতকৈ অধিক কিন্তু ২০০ কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ৫,০০,০০০/- |
১১ | ২০০ কোটিতকৈ অধিক | ৭,০০,০০০/- |
চালনৰ অনুমতিৰ বৈধতা এবছৰ৷ তেতিয়ালৈকে কাম আৰম্ভ নকৰিলে চালনৰ অনুমতিৰ নৱীকৰণ কৰাব লাগে ৷ বৈধ সময়ৰ ভিতৰত নৱীকৰণ নকৰালে, আকৌ নতুনকৈ বোৰ্ডৰ ওচৰত আবেদন কৰিব লাগে ৷
বায়ু আৰু জল আইনৰ অধীনত চালনৰ অনুমতিৰ আবেদন পত্র তিনিটা পৰ্যায়ত জমা দিব লাগে ৷এই আবেদন পত্রৰ মাচুল এশ টকা আৰু বোৰ্ডৰ আটাইবোৰ কাৰ্যালয়তে উপলব্ধ ৷ প্রয়োজন অনুসৰি এই পত্র ৱেবছাইটৰ পৰাও download কৰিব পৰা যায় ৷আবেদনৰ মাচুল সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটী কাৰ্যালয়ৰ নামত DD ৰ জৰিয়তে দিব পৰা যায় ৷
চালনৰ অনুমতিৰ নৱীকৰণ আবেদনৰ সৈতে জমা দিবলগীয়া নথি-পত্র সমূহ হ'ল:
প্ৰতিটো অৱধিৰ কাৰণে মাছুল সহ আবেদনৰ (এক বছৰৰ অধিক নহয়)
ফলক | মুঠ মূলধন বিনিয়োগ(টকাত) | বায়ু আইনৰ অধীনত সন্মতি (টকাত) | জল আইনৰ অধীনত সন্মতি (টকাত) |
---|---|---|---|
প্ৰাৰম্ভিক | প্ৰাৰম্ভিক | ||
১ | উদ্যোগৰ মুঠ বিনিয়োগ ৫.০০ লাখ টকা পৰ্য্যন্ত | ১,০০০/- | ১,০০০/- |
২ | উদ্যোগৰ মুঠ বিনিয়োগ ৫.০০ লাখ টকাৰ বেছি কিন্তু ১০.০০ লাখ টকাৰ বেছি নহয় | ২,৫০০/- | ২,৫০০/- |
৩ | উদ্যোগৰ মুঠ বিনিয়োগ ১০.০০ লাখ টকাৰ বেছি কিন্তু ২০.০০ লাখ টকাৰ বেছি নহয় | ৫,০০০/- | ৫,০০০/- |
৪ | উদ্যোগৰ মুঠ বিনিয়োগ ২০.০০ লাখ টকাৰ বেছি কিন্তু ৫০.০০ লাখ টকাৰ বেছি নহয় | ৭,৫০০/- | ৭,৫০০/- |
৫ | উদ্যোগৰ মুঠ বিনিয়োগ ৫০.০০ লাখ টকাৰ বেছি কিন্তু ১.০০ কোটি টকাৰ বেছি নহয় | ১০,০০০/- | ১০,০০০/- |
৬ | উদ্যোগৰ মুঠ বিনিয়োগ ১.০০ কোটি টকাৰ বেছি কিন্তু ৫.০০ কোটি টকাৰ বেছি নহয় | ২৫,০০০/- | ২৫,০০০/- |
৭ | উদ্যোগৰ মুঠ বিনিয়োগ ৫.০০ কোটি টকাৰ বেছি কিন্তু ১০.০০ কোটি টকাৰ বেছি নহয় | ৫০,০০০/- | ৫০,০০০/- |
৮ | উদ্যোগৰ মুঠ বিনিয়োগ ১০.০০ কোটি টকাৰ বেছি কিন্তু ৫০.০০ কোটি টকাৰ বেছি নহয় | ১,০০,০০০/- | ১,০০,০০০/- |
৯ | উদ্যোগৰ মুঠ বিনিয়োগ ৫০.০০ কোটি টকাৰ বেছি কিন্তু ১০০.০০ কোটি টকাৰ বেছি নহয় | ২,০০,০০০/- | ২,০০,০০০/- |
১০ | উদ্যোগৰ মুঠ বিনিয়োগ ১০০.০০ কোটি টকাৰ বেছি কিন্তু ২০০.০০ কোটি টকাৰ বেছি নহয় | ৩,০০,০০০/- | ৩,০০,০০০/- |
১১ | ২০০.০০ কোটি বেছি | ৫,০০,০০০/- | ৫,০০,০০০/- |
সন্মতিৰ কাৰণে আৱেদন (নবীকৰণ) সন্মতি আদেশ শেষ হোৱাৰ ৪ মাহ আগতে জমা কৰা হয়। যদি বৈধতা মেয়াদ শেষ হোৱাৰ পিছত আৱেদন কৰা হয় তেনেহলে ধাৰা ২৫/২৬ জল আইন আৰু ধাৰা ২১ বায়ু আইন অনুযায়ী এটা পদক্ষেপ লোৱা হ`ব।
জল আইন আৰু বায়ু আইনৰ অধীনত (নবীকৰণ) পৰিচালনা কৰা সন্মতিৰ কাৰণে আৱেদন পত্ৰ অনুসূচী-I তিনি কপি সহ জমা দিব লাগিব। আৱেদন ফৰ্ম মূল্য ১০০/- টকা আৰু ব`ৰ্ডৰ সকলো কাৰ্য্যালয়ত পোৱা যায় বা ওৱেবচাইটৰ পৰাও ডাউনলোড কৰিব পাৰি। ধন ৰাশি সদস্য-সচিব, প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড, অসম, গুৱাহাটীৰ পক্ষত ডিমাণ্ড ড্ৰাফ্টৰ ৰূপত জমা দিব লাগিব।
সন্মতি নবীকৰণৰ আৱেদনৰ কাৰণে জমা কৰিব লগা নথি পত্ৰ সমূহ হ`ল :
While scrutinising the application the Board may call for clarification/information and all such applications will be deemed to have been made only from the date on which such clarification/information is received by the Board.
আবেদন পত্রৰ সৈতে তলত দিয়া ধৰণে মাচুল জমা দিব লাগে (সময়সীমা এবছৰ )
ক্রমিক নং | মুঠ বিনিয়োগ (টকা) | বায়ু আইনৰ অধীনত(টকা) প্রাৰম্ভিক | জল আইনৰ অধীনত (টকা) প্রাৰম্ভিক |
---|---|---|---|
১ | ৫ লাখ পৰ্যন্ত বিনিয়োগৰ উদ্যোগ | ১,০০০/- | ১,০০০/- |
২ | ৫ লাখতকৈ অধিক কিন্তু ১০ লাখতকৈ কম বিনিয়োগৰ উদ্যোগ | ২,৫০০/- | ২,৫০০/- |
৩ | ১০ লাখতকৈ অধিক কিন্তু ২০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ | ৫,০০০/- | ৫,০০০/- |
৪ | ২০ লাখতকৈ অধিক কিন্তু ৫০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ | ৭,৫০০/- | ৭,৫০০/- |
৫ | ৫০ লাখতকৈ অধিক কিন্তু ১কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ১০,০০০/- | ১০,০০০/- |
৬ | ১কোটিতকৈ অধিক কিন্তু ৫কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ২৫,০০০/- | ২৫,০০০/- |
৭ | ৫কোটিতকৈ অধিক কিন্তু ১০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ৫০,০০০/- | ৫০,০০০/- |
৮ | ১০কোটিতকৈ অধিক কিন্তু ৫০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ১,০০,০০০/- | ১,০০,০০০/- |
৯ | ৫০কোটিতকৈ অধিক কিন্তু ১০০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ২,০০,০০০/- | ২,০০,০০০/- |
১০ | ১০০কোটিতকৈ অধিক কিন্তু ২০০ কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ | ৩,০০,০০০/- | ৩,০০,০০০/- |
১১ | ২০০ কোটিতকৈ অধিক | ৫,০০,০০০/- | ৫,০০,০০০/- |
Title | Size | Detail |
---|---|---|
The Format of Inspection Report | 16.19 KB | |
Schedule Form | 230.35 KB |