১৯৮৬ চনৰে পৰা প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে প্ৰদূষণৰ সমস্যা তথা পৰিবেশৰ হানি সাধনকাৰী বিষয়বোৰৰ ওপৰত বিশেষ ভাবে গুৰুত্ব আৰোপ কৰি আহিছে ।ইয়াৰ বাবে অসমৰ প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় প্রকাৰৰ শিক্ষাৰ সৈতে জড়িত পৰিবেশ সজাগতা কাৰ্য্সূচী হাতত লৈ আহিছে ৷ এই কাৰ্য্সূচীৰ অধীনত হাতত লোৱা কাম-কাজৰ এক খতিয়ান তলত ডাঙি ধৰা হ'ল-
- বিদ্যালয়ৰ প্ৰথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ শৈক্ষিক পাঠ্যক্রমত পৰিবেশ তথা প্ৰদূষণ নিয়ণ্ত্ৰণ সম্পৰ্কীয় ৩২ টা পাঠ অন্তৰ্ভুক্ত্ কৰা হৈছে ৷প্রাথমিক পৰ্যায়ত এই পাঠসমূহ সাহিত্য্ বিষয়ত আৰু মজলীয়া তথা মাধ্যমিক পৰ্যায়ত সমাজ অধ্যয়ন আৰু বিজ্ঞান বিষয়ত অন্তৰ্ভুক্ত্ কৰা হৈছে ৷ ১৯৮৬ চনৰে পৰা এই পাঠসমূহ শৈক্ষিক পাঠ্যক্রমৰ অংশ হৈ আছে ৷
- ১৯৮৬ চনৰে পৰা বোৰ্ডে অনানুষ্ঠানিক ক্ষেত্রখনক কেন্দ্র কৰি নানান সভা-সমিতি,আলোচনা চক্র, কৰ্মশালা, ৰাজহুৱা বিতৰ্ক আদি নিয়মিয়াকৈ আয়োজন কৰি আহিছে , যাৰ সংখ্যা ১৫৫৫তকৈও অধিক ৷ তদুপৰি, ১,৪৫,০০০ তকৈও অধিক প্রাথমিক তথা মাধ্যমিক শিক্ষ্কক এই বিষয়ক প্র্শিক্ষ্ণ দিয়া হৈছে ৷
- প্র্ত্যেক বছৰে বোৰ্ডে জিলা মূখ্য্ কাৰ্যালয়ৰ দৰে গুৰুত্ব্পূৰ্ণ্ স্থান, বিদ্যালয়, মহাবিদ্যালয় আদিত অসম বিজ্ঞান সমিতিৰ ৮২ টা সক্রিয় শাখাৰ সহযোগত বিশ্ব্ পৰিৱেশ দিৱস পালন কৰি আহিছে ৷ এই দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ্ ৰোপণ, চাফাই, শিশুৰ ৰচনা আৰু চিত্রাংকন প্র্তিযোগিতা, ৰাজহুৱা সভা, পৰিৱেশ সম্পৰ্কীয় পুস্তিকা বিতৰণ কৰা আদি কাৰ্য্সূচী হাতত লোৱা হয় ৷
- মানুহ আৰু পৰিৱেশ, নিগমৰ আৱৰ্জ্নাৰ বিজ্ঞানসন্ম্ত সংগ্র্হ তথা নিষ্কাষণ ,মটৰৰ পৰা হোৱা প্ৰদূষণ , অ'জন লেয়াৰৰ সমস্যা , বিশ্ব্ পৰিৱেশ দিৱসৰ প্রাসংগিকতা আদি কথা অৱলোকন কৰি বোৰ্ডে দ্বিভাষিক (ইংৰাজী আৰু অসমীয়া) পুস্তিকা প্র্কাশ তথা বিতৰণ কৰি আহিছে ৷
- 'পৰিৱেশ বাতৰি' শীৰ্ষ্ক এখন ত্রিমাহিক দ্বিভাষিক (ইংৰাজী আৰু অসমীয়া) পৰিৱেশ সম্পৰ্কীয় বাৰ্ত্তালোচনী ১৯৯০ চনৰে পৰা প্র্কাশ তথা ৰাজ্যৰ ভিতৰত আৰু বাহিৰত বিতৰণ কৰি অহা হৈছে৷
- সময়ে সময়ে ৰাজ্যৰ অন্যান্য্ সংস্থা সমূহে আয়োজন কৰি অহা অনুস্থান সমূহতো সহযোগ কৰি আহিছে ৷
- ৰেডিঅ' তথা দূৰদৰ্শ্ণত পৰিৱেশ সম্পৰ্কীয় নানান আলোচনাত অংশগ্র্হণ তথা আয়োজন ৷
- ৰাজ্য্ৰ পৰা প্র্কাশিত বাতৰি কাকতত জনপ্রিয় প্র্বন্ধ্ প্র্কাশ ৷
- নতুন দিল্লীৰ কে্ন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্রালয় তথা অসম চৰকাৰৰ উদ্যোগত আয়োজিত বিভিন্ন পৰিৱেশ সম্পৰ্কীয় অনুস্থানত অংশগ্র্হণ ৷