ক্ষতিকাৰক আৱৰ্জনা :
বৰ্ত্ত্মান সময়ত ক্ষতিকাৰক আৱৰ্জনাৰ অনিয়ন্ত্রিত বৃদ্ধি দেশৰ কাৰণে ভয়াবহ সমস্যা হৈ পৰিছে৷ এই সমস্যাৰ সমাধানৰ হেতু ভাৰত চৰকাৰে পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬ ৰ অধীনত ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ জাৰি কৰে ৷ এই নীতিক ২০০০ আৰু ২০১৩ চনত পুনৰ সংশোধন কৰা হয় ৷ ২৪.৯.২০০৮ তাৰিখৰ এখন জাননীৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে উপৰোক্ত আইনসমূহ ৰহিত কৰি, ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন)নীতি, ২০০৮ জাৰি কৰে ৷ অৱশ্যে ২০১০ চনত ইয়াক পুনৰ সংশোধন কৰা হয় ৷
ভাৰতৰ উচ্চ্তম ন্যায়ালয়ে ১৪.৩.২০০৩ তাৰিখে জাৰি কৰা WP(c) No-৬৫৭/৯৫ নিৰ্দেশটোৱেই ক্ষতিকাৰক আৱৰ্জনা ব্যৱস্থাপনা আৰু নিয়ন্ত্রণৰ পাতনি মেলে ৷এই নিৰ্দেশ অনুসৰি ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ ৰ অধীনত যাৱতীয় অনুমোদন নেথাকিলে উদ্যোগসমূহে কাম কৰিব নোৱাৰে ৷ তদুপৰি ক্ষতিকাৰক আৱৰ্জনাৰ নিৰ্গমন, জমা তথা ব্যৱস্থাৰ বাবেও নিৰ্দেশ জাৰি কৰা হৈছে৷
উচ্চ্তম ন্যায়ালয়ে ১৪.৩.২০০৩ তাৰিখে জাৰি কৰা WP(c) No-৬৫৭/৯৫ নিৰ্দেশটোত ক্ষতিকাৰক আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰ সম্পৰ্কীয় কেবাটাও নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ এটা হ'ল ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ দ্বাৰা ক্ষতিকাৰক আৱৰ্জনাৰ ইনভেন্টৰী প্রস্তুত কৰা৷
অনুমোদন কেনেকৈ ল'ব
এই নিয়মসমূহ আৰম্ভ্ হোৱাৰ ৬০ দিনৰ ভিতৰত ক্ষতিকাৰক আৱৰ্জনাৰ সৃষ্টি, প্রচেছিং, ব্যৱস্থা, পেকেজ জমা, যাতায়ত, ব্যৱহাৰ, সংগ্রহ, নষ্ট, কনভাৰ্ছন, বিক্রী, হস্তান্তৰ আদিৰ সৈতে জড়িত লোকসকলে Form 1 ৰ জৰিয়তে ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাব লাগে ৷
অৱশ্যে এই নিয়মসমূহ আৰম্ভ্ হোৱাৰ আগতেই যদি কোনোৱে ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ ৰ অধীনত অনুমোদন লাভ কৰিছে, তেন্তে তাৰ ম্যাদ শেষ উকলি নোযোৱালৈকে অনুমোদনৰ বাবে আবেদন জনাব নেলাগে ৷
- প্র্য়োজনীয় তথ্য্ সম্ব্লিত সম্পূৰ্ণ্ আবেদন পত্র্ লাভ কৰাৰ পাছত ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে ১২০ দিনৰ ভিতৰত Form 2 Form 2 ৰ জৰিয়তে অনুমোদন দিয়ে, যাৰ ম্যাদ পাঁচ বছৰ ৷ ইয়াৰ চৰ্ত্তাৱলী মানি চলাটো বাধ্য্তামূলক ৷অৱশ্যে ইয়াৰ বাবে, আবেদকৰ ওচৰত প্র্য়োজনীয় সা-সুবিধা, কাৰিকৰী মানদণ্ড্ তথা ক্ষতিকাৰক আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু সুৰক্ষাৰ বাবে যাবতীয় ব্যৱস্থা আছে নে নাই সেয়াও পৰীক্ষা কৰা হয় ৷
- আবেদকক বাৰম্বাৰ সকিয়নিৰ পাছত ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে আবেদকক অনুমোন দিবলৈ মানা কৰি দিব পাৰে ৷
- এই নীতিৰ দ্বাৰা পৰিচালিত প্র্ত্যেকেই Form 3 ৰ জৰিয়তে ক্ষতিকাৰক আৱৰ্জনাৰ ৰেকৰ্ড নিজৰ লগত ৰাখিব লাগে ৷ লগতে, ৩০ জুনৰ পূৰ্বে Form 4 ত দিয়া ধৰণে সেই বছৰৰ বাৰ্ষিক ৰিটাৰ্ণ্ৰ বিস্তৃত প্র্তিবেন ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত জমা দিব লাগে ৷
- ম্যাদ উকলি যোৱাৰ আগতেই Form 1, ৰ জৰিয়তে অনুমতিৰ পুনৰনৱীকৰণৰ বাবে আবেদন জনাব লাগে৷ অৱশ্যে, আবেদকে পূৰ্বে লাগু নিয়মসমূহ উলংঘণ কৰা হোৱা নাই বুলি সুনিশ্চিত হোৱাৰ পাছতহে ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে এই অনুমতিৰ পুনৰনৱীকৰণ কৰে ৷
পঞ্জীকৰণৰ প্র্ক্রিয়া :
schedule IV ত উল্লেখিত ক্ষতিকাৰক আৱৰ্জনাৰ পুনৰনৱীকৰণ অথবা প্রচেছিঙৰ সৈতে জড়িত হ'ব খোজা প্রত্যেক ব্যক্তিয়ে Form 5 ৰ জৰিয়তে পঞ্জীয়নৰ অনুমতি অথবা নৱীকৰণৰ বাবে নিম্নোক্ত্
- জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৭৪ (১৯৭৪ ৰ ২৫ ) তথা বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৮১(১৯৮১ ৰ ২১) ৰ অধীনত ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে দিয়া অনুমতি৷
- জিলা উদ্যোগ কেন্দ্র্ অথবা ইয়াৰ বাবে স্বীকৃতি প্রাপ্ত্ আন কোনো চৰকাৰি অনুস্থানে দিয়া পঞ্জীয়নৰ মানপত্র্ ৷
- জিলা উদ্যোগ কেন্দ্র্ অথবা তাৰ ঠাইত ইয়াৰ বাবে স্বীকৃতি প্রাপ্ত্ আন কোনো চৰকাৰি অনুস্থানে দিয়া মেচিনৰ ক্ষ্মতাৰ প্রমান ৷
- নৱীকৰণৰ বাবে, ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড অথবা কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ জোনেল কাৰ্যালয়ৰ নিৰ্দ্ধাৰিত নিৰ্দেশ অনুযায়ী, প্রৱাহ,নিৰ্গমনৰ মানদণ্ড, ট্রিটমেন্ট তথা ক্ষতিকাৰক আৱৰ্জনাৰ সুব্যৱস্থাৰ প্রমানপত্র ৷
- অসমত ক্ষতিকাৰক আৱৰ্জনাৰ তালিকা
- চিডিউল ১, চিডিউল ২, চিডিউল ৩(ক্ষতিকাৰক আৱৰ্জনা আইনৰ অধীনত)
- ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ অধীনত অনুমতি পোৱা উদ্যোগৰ তালিকা
- পৰিৱেশ উপযোগী আৱৰ্জনা ৰিপ্রচেছিঙৰ ব্যৱস্থা থকা তথা ৰিচাইক্লাৰ/ ৰিপ্রচেছাৰ হিছাপে ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ অধীনত পঞ্জীয়ন হোৱা ইউনিটৰ তালিকা
ইলেকট্র্ণিক আৱৰ্জনা-
- এম/এচ জে এচ পিগমেন্টছ প্রাইভেট লিমিটেড, গাঁও- আমচিং, যোৰাবাট, মৌজা- পাণবাৰী, পু.চ.- সাতগাঁও, জিলা- কামৰূপ(মেট্রো), অসম.
- এম/এচ ইন্টেগ্রেটেড চিষ্টেম এন্দ্ চাৰ্ভিছ, পাণবজাৰ, গুৱাহাটী- ৭৮১০০১
- েমেন কলিতা, আনন্দ্ নগৰ, নুনমাটি,গুৱাহাটী