বৰ্ত্ত্মান সময়ত ক্ষতিকাৰক আৱৰ্জনাৰ অনিয়ন্ত্রিত বৃদ্ধি দেশৰ কাৰণে ভয়াবহ সমস্যা হৈ পৰিছে৷ এই সমস্যাৰ সমাধানৰ হেতু ভাৰত চৰকাৰে পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬ ৰ অধীনত ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ জাৰি কৰে ৷ এই নীতিক ২০০০ আৰু ২০১৩ চনত পুনৰ সংশোধন কৰা হয় ৷ ২৪.৯.২০০৮ তাৰিখৰ এখন জাননীৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে উপৰোক্ত আইনসমূহ ৰহিত কৰি, ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন)নীতি, ২০০৮ জাৰি কৰে ৷ অৱশ্যে ২০১০ চনত ইয়াক পুনৰ সংশোধন কৰা হয়
ভাৰতৰ উচ্চ্তম ন্যায়ালয়ে ১৪.৩.২০০৩ তাৰিখে জাৰি কৰা WP(c) No-৬৫৭/৯৫ নিৰ্দেশটোৱেই ক্ষতিকাৰক আৱৰ্জনা ব্যৱস্থাপনা আৰু নিয়ন্ত্রণৰ পাতনি মেলে ৷এই নিৰ্দেশ অনুসৰি ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ ৰ অধীনত যাৱতীয় অনুমোদন নেথাকিলে উদ্যোগসমূহে কাম কৰিব নোৱাৰে ৷ তদুপৰি ক্ষতিকাৰক আৱৰ্জনাৰ নিৰ্গমন, জমা তথা ব্যৱস্থাৰ বাবেও নিৰ্দেশ জাৰি কৰা হৈছে৷
উচ্চ্তম ন্যায়ালয়ে ১৪.৩.২০০৩ তাৰিখে জাৰি কৰা WP(c) No-৬৫৭/৯৫ নিৰ্দেশটোত ক্ষতিকাৰক আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰ সম্পৰ্কীয় কেবাটাও নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ এটা হ'ল ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ দ্বাৰা ক্ষতিকাৰক আৱৰ্জনাৰ ইনভেন্টৰী প্রস্তুত কৰা৷
এই নিয়মসমূহ আৰম্ভ্ হোৱাৰ ৬০ দিনৰ ভিতৰত ক্ষতিকাৰক আৱৰ্জনাৰ সৃষ্টি, প্রচেছিং, ব্যৱস্থা, পেকেজ জমা, যাতায়ত, ব্যৱহাৰ, সংগ্রহ, নষ্ট, কনভাৰ্ছন, বিক্রী, হস্তান্তৰ আদিৰ সৈতে জড়িত লোকসকলে Form 1 ৰ জৰিয়তে ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাব লাগে ৷
অৱশ্যে এই নিয়মসমূহ আৰম্ভ হোৱাৰ আগতেই যদি কোনোৱে ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ ৰ অধীনত অনুমোদন লাভ কৰিছে, তেন্তে তাৰ ম্যাদ শেষ উকলি নোযোৱালৈকে অনুমোদনৰ বাবে আবেদন জনাব নেলাগে ৷
schedule IV ত উল্লেখিত ক্ষতিকাৰক আৱৰ্জনাৰ পুনৰনৱীকৰণ অথবা প্রচেছিঙৰ সৈতে জড়িত হ'ব খোজা প্রত্যেক ব্যক্তিয়ে Form 5 ৰ জৰিয়তে পঞ্জীয়নৰ অনুমতি অথবা নৱীকৰণৰ বাবে নিম্নোক্ত্ নথি-পত্ৰ্ সহিত আবেদন কৰিব লাগে-
অসমত চিকৎসাৰ সৈতে জড়িত অনুস্থানৰ লেখ-জোখ নাই ৷ ৩০ লাখতকৈ কম বসতি থকা চহৰত ৫০০ খন বিছনা যুক্ত্ চিকৎসালয় আৰু নাৰ্ছিং হোমৰ সংখ্যা ৩; ২০০ অথবা ততোধিক বিছনা যুক্ত্ চিকৎসালয় ৫; ৫০ অথবা ততোধিক বিছনা যুক্ত্ চিকৎসালয় ৪৭ আৰু ৫০ তকৈ কম বিছনা যুক্ত্ চিকৎসালয়ৰ সংখ্যা ৪২৭ হয় ৷ ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমেই হৈছে অসমৰ বায়' মেডিকেল আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৯৮ ৰ সৰ্ব্বোচ্চ কতৃপক্ষ্ ৷
(a) | বায়' মেডিকেল আৱৰ্জনা সৃষ্টি , সংগ্রহ, অনা-নিয়া, গ্রহণ, ষ্টোৰেজ, ট্রিটমেণ্ট্, নিষ্কাষণ, ব্যৱস্থাপনা আদিৰ সৈতে জড়িত সকলো উদ্যোগৰ মালিকপক্ষই Form I ৰ দ্বাৰা কতৃপক্ষ্ৰ পৰা অনুমতি ল'ব লাগে৷ অৱশ্যে, মাহে ১০০০তকৈ কম ৰোগীক সেৱা প্রদান কৰা ক্লিনিক, ডিছপেনছেৰি, পেথোলোজিকেল পৰীক্ষাগাৰ আদি ইয়াৰ আওটাত নাহে ৷ |
(b) | বায়' মেডিকেল আৱৰ্জনাৰ অপাৰটৰে Form I ৰ দ্বাৰা কতৃপক্ষ্ৰ পৰা অনুমতি ল'ব লাগে ৷ • Form I ৰ দ্বাৰা কতৃপক্ষ্ৰ পৰা অনুমতিৰ বাবে কৰা আৱেদনৰ সৈতে ৰজ্যিক চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমানৰ মাচুল থাকিব লাগে ৷ |
(c) | Form I ৰ দ্বাৰা কতৃপক্ষ্ৰ পৰা অনুমতিৰ বাবে কৰা আৱেদনৰ সৈতে ৰজ্যিক চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমানৰ মাচুল থাকিব লাগে ৷ |
আমাৰ ৰাজ্যত সৃষ্টি হোৱা প্রায় ৪৮২ প্রকাৰৰ বায়' মেডিকেল আৱৰ্জনা বোৰ্ডে এতিয়ালৈকে চিনাক্ত কৰি উলিয়াইছে৷ এই প্রতিষ্ঠানসমূহে বায়' মেডিকেল আৱৰ্জনা সংগ্রহ, পৃথকীকৰণ,ট্রিটমেণ্ট্ আৰু নিষ্কাষণৰ ক্ষেত্রত বোৰ্ডৰ পৰা এই অনুমোদন ল'ব লাগে ৷
বায়' মেডিকেল আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি অনুসৰ অনুমতি লোৱাটো উদ্যোগৰ মালিকপক্ষৰ প্রধান দায়িত্ব ৷ ইয়াৰ আবেদন পত্র্ বোৰ্ডৰ ওচৰত বিনামূলিয়াকৈ পোৱা যায় অথবা ৱেবচাইটৰ পৰা ডাউনলোড কৰাৰো সুবিধা আছে৷ মন কৰিবলগীয়া কথা এই যে আবেদন পত্র্ যাবতীয় মাচুলৰ সৈতে জমা কৰিব লাগে ৷ মাচুলখিনি ডিমাণ্ড্ ড্রাফ্ট হিচাপে সদস্য সচীব, প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ নামত আৰু গুৱাহাটীত ভঙাব পৰাকৈ দিব লাগে ৷পৃথকীকৰণৰ চৰ্ত্ত্ , সংগ্র্হ, ষ্টোৰেজ, ট্রিটমেণ্ট্, নিষ্কাষণ, মনিটৰিং , ৰেকৰ্ড্ ব্যৱস্থাপনা আৰু প্রতিবেদনৰ দাখিলীকৰণৰ কথা ইয়াত উল্লেখ থাকে ৷
বায়' মেডিকেল আৱৰ্জনা উৎপাদন কৰা উদ্যোগৰ মালিকপক্ষই এয়া সুনিশ্চিত কৰিব লাগে যে নিষ্কাষিত আৱৰ্জনাই পৰিৱেশ তথা মানৱ শৰীৰৰ ওপৰত যাতে কোনোধৰণৰ কু-প্রভাৱ নেপেলায় ৷
Form-II ৰ দ্বাৰা এক বাৰ্ষিক প্রতিবেদন দাখিল কৰিব লাগে ৷ পাৰ হৈ যোৱা বছৰটোত বায়' মেডিকেল আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্রত কি কি ব্যৱস্থা হাতত লোৱা হৈছে, সেয়া এই প্রতিবেদনত উল্লেখ কৰা হয় ৷ এনেদৰে ভিন ভিন উদ্যোগৰ পৰা লাভ কৰা প্রতিবেদনসমূহ একেলগ কৰি ৰাজ্যিক বোৰ্ডে প্রতি বছৰে ৩১ মাৰ্চৰ আগত কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত জমা দিব লাগে৷
নিয়মানুসৰি, দহটা ভিন ভিন ভাগত বিভক্ত্ এই আৱৰ্জনাবোৰ চাৰিটা ভিন ভিন বৰণৰ কনটেইনাৰ/ মোনাত ৰাখিব লাগে ৷ দ ঠাইত পোতা, ইনচিনাৰেচন, অট'ক্লেভিং, মাইক্রোৱেভিং, মিউটিলেচন, শ্রেডিং আৰু ৰাসায়নিক ডিছইনফেকচন আদি প্ৰক্রিয়াৰ দ্বাৰা এই আৱৰ্জনাবোৰৰ সুবন্দোবস্ত কৰিব লাগে ৷বেছিভাগ চিকৎসালয়ৰে ট্রিটমেণ্ট্ আৰু নিষ্কাষণৰ বন্দোবস্তবোৰ সুবিধাজনক নহয় ৷
ক্র্মিক নং | বিছনাৰ সংখ্যা | মাচুল (টকা) |
১ | ৫০০ খন বিছনা অথবা ততোধিক | ২,০০,০০০ |
২ | ২০০ অথবা ততোধিক, ৫০০ বিছনাতকৈ কম | ১,৫০,০০০ |
৩ | ৫০ অথবা ততোধিক,কিন্তু ২০০ বিছনাতকৈ কম | ১,০০,০০০ |
৪ | ৫০ তকৈ কম ৫০ তকৈ কম | ৫০,০০০ |
৫ | ওপৰত উল্লেখ নথকা,কিন্তু বায়' মেডিকেল আৱৰ্জনা নিষ্কাষণ কৰা সকলো প্ৰতিস্থান | ৪০,০০০ |
বিকল্প | আৱৰ্জনাৰ প্রকাৰ | ট্রিটমেণ্ট্আৰু নিষ্কাষণ |
১ | ২ | ৩ |
কেটেগ'ৰি ১ | মানৱ শৰীৰৰ আৱৰ্জনা ( শৰীৰৰ পেশী, অংগ-প্রত্যংগ) | ইনচিনাৰেচন/ দ ঠাইত পোতা |
কেটেগ'ৰি ২ | পশুৰ আৱৰ্জনা (পশুৰপেশী, অংগ-প্রত্যংগ, তেজ ওলোৱা অংগ, তেজ, গৱেষণাত ব্য্ৱহৃত পশু , পশু চিকিৎসা মহাবিদ্যালয়ৰ আৱৰ্জনা, চিকিৎসালয় আৰু পশুগৃহৰ পৰা ওলোৱা মল আদি) | ইনচিনাৰেচন/ দ ঠাইত পোতা |
কেটেগ'ৰি ৩ | মাইক্রোবায়'লজি আৰু বায়'টেকন'ল'জি আৱৰ্জনা ( পৰীক্ষাগাৰৰ আৱৰ্জনা, জীৱিত বা এটেনুৱেটেড ভেকচিন অণুজীৱৰ নমুনা অথবা ষ্টক, গৱেষণাত ব্য্ৱহাৰ হোৱা মানৱ তথা পশুৰ কোষ কালচাৰ, গৱেষণাগাৰ তথা ৰাসায়ণিক পৰীক্ষাগাৰৰ সোঁচৰা অণুজীৱ, বায়'লজিকেল টক্সিন উৎপাদনৰ আৱৰ্জনা, কালচাৰ অনা-নিয়াত লগা সজুলি আৰু প্লেট ৷) | লোকেল অট'ক্লেভিং / মাইক্রোৱেভিং/ইনচিনাৰেচন |
কেটেগ'ৰি ৪ | চোকা আৱৰ্জনা ( ব্যৱহৃত আৰু অব্যৱহৃত উভয় ধৰণৰ বেজী , স্কেল্পেল, ব্লেড, গ্লাছ আদি, যাৰ পৰা কটা্-চিঙা হ'ব পাৰে ৷ | ডিছইনফেকচন(ৰাসায়নিক ট্রিটমেণ্ট্/ অট'ক্লেভিং / মাইক্রোৱেভিং আৰু মিউটিলেচন / শ্রেডিং |
কেটেগ'ৰি ৫ | পেলাই দিয়া ঔষধ আৰু চাইট'ক্সিক ড্রাগছ (ম্যাদ উকলি যোৱা, সংক্রমিত আৰু অব্যৱহৃত ঔষধ) | ইনচিনাৰেচন/নষ্ট কৰা আৰু সুৰক্ষিত ঠাইত ঔষধ নিষ্কাষণ |
কেটেগ'ৰি ৬ | চইলড আৱৰ্জনা ( তেজ লগা বস্তু, দেহৰ ফ্লুইড লাগি থকা কপাহ, ড্রেংছি,চইলড প্লাষ্টাৰ কাষ্ট, লাইনচ, বেডিং, তেজ লগা আন সামগ্রী) | ইনচিনাৰেচন / অট'ক্লেভিং / মাইক্রোৱেভিং |
কেটেগ'ৰি ৭ | চলিড আৱৰ্জনা ( জোঙা বস্তু বাদে আনধৰণৰ সামগ্রীৰ পৰা সৃষ্টি হোৱা আৱৰ্জনা ) | ৰাসায়নিক ট্রিটমেণ্ট্ দ্বাৰা ডিছইনফেকচন, অট'ক্লেভিং / মাইক্রোৱেভিং মিউটিলেচন / শ্রেডিং |
কেটেগ'ৰি ৮ | জুলীয়া আৱৰ্জনা (পৰীক্ষাগাৰ তথা ধোৱা পখলা, চাফাই আৰু ৰ পৰা ওলোৱা আৱৰ্জনা, সংক্রমণ ৰোধী কাম-কাজৰ পৰা ওলোৱা আৱৰ্জনা) | ৰাসায়নিক ট্রিটমেণ্ট দ্বাৰা ডিছইনফেকচন আৰু নলাত নিষ্কাষণ |
কেটেগ'ৰি ৯ | ইনচিনাৰেচন ছাঁই (বায়' মেডিকেল আৱৰ্জনাৰ ইনচিনাৰেচন পৰা ওলোৱা ছাঁই) | নগৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত ঠাইত নিষ্কাষণ ৷ |
কেটেগ'ৰি ১০ | ৰাসায়নিক আৱৰ্জনা (কীটনাশকৰ দৰে জৈৱিক বা ৰাসায়নিক পদাৰ্থৰ উৎপাদনত লগা ৰাসায়নিক সামগ্রী) | ৰাসায়নিক ট্রিটমেণ্ট্ তথা জুলীয়া আৱৰ্জনা নলাত নিষ্কাষণ আৰু চলিড আৱৰ্জনা সুৰক্ষিত ঠাইত নিষ্কাষণ |
কালাৰ কোডিং | কনটেইনাৰৰ প্রকাৰ | আৱৰ্জনাৰ প্রকাৰ | চিডিউল ১ অনুসৰি ট্রিটমেণ্ট্ বিকল্প্ |
হালধীয়া | প্লাষ্টিকৰ মোনা | Cat. 1, Cat. 2, Cat. 3, & Cat. 6 | ইনচিনাৰেচন/ দ ঠাইত পোতা |
ৰঙা | ডিছইনেক্টেড কনটেইনাৰ / প্লাষ্টিকৰ মোনা | Cat. 3, Cat. 6, Cat. 7. | অট'ক্লেভিং / মাইক্রোৱেভিং / ৰাসায়নিক ট্রিটমেণ্ট |
নীলা / বগা ট্রেনচুলচেন | প্লাষ্টিকৰ মোনা / পাংচাৰ প্রতিৰোধী কনটেইনাৰ | Cat. 4, Cat. 7 | অট'ক্লেভিং / মাইক্রোৱেভিং / ৰাসায়নিক ট্রিটমেণ্ট আৰু নষ্ট্ কৰা / শ্রেডিং |
ক'লা | প্লাষ্টিকৰ মোনা | Cat. 5 and Cat. 9 and Cat.10(solid) | সুৰক্ষিত ঠাইত নিষ্কাষণ |
নগৰাঞ্চ্লৰ সকলোবোৰ সংস্থা নিগমৰ চলিড আৱৰ্জনা [ব্যৱস্থাপনা আৰু ব্যৱহাৰ] নীতি, ২০০০ ৰ আওটাত আহে৷ বোৰ্ডে ইয়াৰ অধীনত ১৫৬ টি সংস্থা চিনাক্ত্ কৰি উলিয়াইছে ৷ইয়াৰ ভিতৰত ত৭৫ টা স্থানীয় আৰ্বান চৰকাৰৰ ৷নিগমৰ চলিড আৱৰ্জনা[ব্যৱস্থাপনা আৰু ব্যৱহাৰ] নীতি,২০০০ ৰ বাবে ইয়াত ক্লিক কৰক৷
১ | নিগমৰ চলিড আৱৰ্জনাৰ পৃথকীকৰণ, সংগ্রহ, অনা-নিয়া, ষ্টোৰেজ, ট্রিটমেণ্ট, নিষ্কাষণ, ব্যৱস্থাপনা তথা ইয়াৰ বাবে বোৰ্ডৰ পৰা যাৱতীয় অনুমতি লোৱাৰ দায়িত্ব নিগমৰ ওচৰত থাকে ৷ |
২ | মেট্রোপলিটান চহৰত এই নীতিবোৰ কাৰ্য্কৰী কৰাৰ ভাৰ ৰাজ্যৰ নগৰ বিকাশ প্রাধীকৰণৰ ওচৰত থাকে৷ইয়াৰ মূল দায়িত্ব জিলা ন্যায়াধীশ অথবা উপায়ুক্তই ল'ব লাগে ৷ |
৩ | নগৰৰ কোনো স্থানীয় সংস্থাই ব্যৱস্থাপনা/ প্রচেছিং/ নিষ্কাষণৰ বাবে আবেদন জনালে, বোৰ্ডে সেয়া গ্রহণ/নাকচ কৰিব লাগে৷ তদুপৰি, অনুমতি দিয়াৰ পাছৰ পৰ্যায়ৰ কামৰ পৰ্যবেক্ষ্ণ আৰু ফোলো আপো বোৰ্ডে কৰিব লাগে৷ |
নগৰ নিগম অথবা আন কোনো অপাৰটেৰে আৱৰ্জনা ব্যৱস্থাপনা অথবা নিষ্কাষণ প্রক্রিয়াৰ বাবে অনুমতি ল'ব খুজিলে, ৰাজ্যিক বোৰ্ড অথবা কমিটিৰ ওচৰত Form-I, Form-I ৰ দ্বাৰা আবেদন জনাব লাগে ৷ চিডিউল I ত উল্লেখ থকা সকলো চৰ্ত ৰ সফল ৰূপায়নৰ বাবে এনে কৰা হয়৷ মন কৰিবলগীয়া কথা এই যে আবেদন পত্র যাবতীয় মাচুলৰ সৈতে জমা কৰিব লাগে ৷ মাচুলখিনি ডিমাণ্ড ড্রাফ্ট হিচাপে সদস্য সচীব, প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ নামত আৰু গুৱাহাটীত ভঙাব পৰাকৈ দিব লাগে
মেট্রোপলিটান চহৰসমূহত, প্ৰতি বছৰে ৩০ জুনৰ আগতে নগৰ নিগমে Form-II ৰ দ্বাৰা বাৰ্ষিক প্ৰতিবেদনৰ প্ৰতিলিপি নগৰ বিকাশ প্ৰাধিকৰণৰ দায়িত্বত থকা সচীবক দিব লাগে[এটা প্ৰতিলিপি বোৰ্ডকো দিয়া হয়] ৷অৱশ্যে আন চহৰৰ ক্ষেত্রত এই প্ৰতিবেদন জিলা ন্যায়াধীশ অথবা উপায়ুক্তক দিয়া হয়৷ আনহাতে, প্ৰতি বছৰে ১৫ ছেপ্তেম্বৰৰ পূৰ্বে ৰাজ্যিক বোৰ্ডেও কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত বাৰ্ষিক প্ৰতিবেদন জমা দিব লাগে, য'ত এই নীতিসমূহৰ ৰূপায়নৰ বিষয়টো পৰ্যালোচনা কৰা হয় ৷ ইয়াৰ ভিত্তিত কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে এক সন্মিলিত বাৰ্ষিক পৰ্যালোচনা প্ৰতিবেদন প্রস্তুত কৰে আৰু নিজৰ পৰামৰ্শৰ সৈতে প্রতি বছৰে ১৫ ডিছেম্বৰৰ আগতে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰে
কোনো স্থানীয় নিকায়েই চিডিউল I তথা ই নিৰ্দ্ধাৰণ কৰি দিয়া সময়সীমা উলংঘণ কৰিব নোৱাৰে৷অৱশ্যে গুৱাহাটী মহানগৰীৰ আৱৰ্জনা ব্যৱস্থাপনাৰ সুচল ৰূপায়নৰ বাবে গুৱাহাটী পৌৰ নিগমে এক আৱৰ্জনা প্রচেছিং তথা নিষ্কাষণ ব্যৱস্থা মুকলি কৰি দিছে ৷একেদৰে ডিব্রুগড় জিলাৰ ঘোৰামাৰাতো 100TPD ৰ নিগমৰ চলিড আৱৰ্জনা (MSW) নামৰ ব্যৱস্থাৰ শুভাৰম্ভৰ যোজা চলিছে৷ ইয়াৰ বাবে ইতিমধ্যে স্থান নিৰ্বাচন হৈ গৈছে আৰু ৰাজ্যিক পৰিৱেশ প্রভাৱ বিশ্লেষণ কতৃপক্ষ(SEIAA) ই TORs জাৰি কৰিছে৷ ইয়াৰ গণশুণানি ২০১৪চনৰ ১৭ ডিচেম্বৰত অনুস্থিত হয়৷ আনহাতে শিলচৰ পৌৰ নিগমেও MSWৰ নিষ্কাষণৰ প্রস্তাব বাৰ্ষিক প্রতিবেদনৰ জৰিয়তে আগবঢ়াইছে৷
নগৰৰ স্থানীয় নিকায়সমূহে MSW ৰ সংগ্র্হ,পৃথকীকৰণ,ষ্টোৰেজ,অনা-নিয়া,প্র্চেছিং আৰু নিষ্কাষণৰ ক্ষেত্রত এতিয়াও সঠিক ব্যৱস্থাপনা ল'বলৈ বাকী৷
১ | MSW ৰ সংগ্র্হ | অসমৰ গুৱাহাটী , শিলচৰ, উমৰাংচু, মাইবং, হাফলং,বডৰপুৰ,কৰিমগঞ্জ্ আৰু শিৱসাগৰ পৌৰ নিগমৰ উদ্যোগত ঘৰে ঘৰে MSW সংগ্র্হ ব্যৱস্থা আৰম্ভ কৰিছে৷বাকী ঠাইবোৰত পুৰণি ব্যৱস্থা বাহাল আছে৷অৰ্থাৎ MSW দাতিকাষৰীয়া বিনৰ পৰা সংগ্র্হ কৰি ট্রাক,ট্রেক্টৰ অথবা থেলাৰে জাৱৰ পেলোৱা ঠাইলৈ লৈ যোৱা হয় ৷ অসমত আৱৰ্জনা পৃথকীকৰণৰ তেনে কোনো বিশেষ ব্যৱস্থা নাই ৷ |
২ | MSW ৰ পৃথকীকৰণ | অসমত আৱৰ্জনা পৃথকীকৰণৰ তেনে কোনো বিশেষ ব্যৱস্থা নাই ৷ |
৩ | MSW ৰ ষ্টোৰেজ | আৱৰ্জনা ষ্টোৰেজৰ বাবে অধিকাংশ স্থানীয় নিকায়ে পুৰণা পদ্ধতিয়েই অৱলম্বন কৰে ৷ ঠায়ে ঠায়ে ডাষ্ট্-বিন ৰখা হৈছে আৰু ২-৩ ৰ মূৰে মূৰে ইয়াৰ পৰা আৱৰ্জনা লৈ যোৱা হয়৷গুৱাহাটীৰ কোনো কোনো ঠাইত ৰঙেৰে চিহ্নিত ডাষ্ট্-বিন ৰখা হৈছে৷আকৌ গুৱাহাটীৰে বৰাগাঁও এলেকাত গুৱাহাটী পৌৰ নিগমে এক সাময়িক ষ্টোৰেজৰ ব্যৱস্থা কৰিছে ৷ |
৪ | TMSW অনা-নিয়া | অসমত MSW অনা-নিয়াৰ বাবে সাধাৰণতে ট্রাক,ট্রেক্টৰ, টিপাৰ অথবা থেলা ব্যৱহাৰ কৰা হয়৷ |
৫ | MSW ৰ প্র্চেছিং | MSW প্র্চেছিঙৰ বাবে সম্প্র্তি কোনো প্র্চেছ প্লেন্ট্ নাই ৷ অৱশ্যে শীঘ্রেই এটা ইউনিট ডিব্রুগড়ত খোলা হ'ব ৷ |
৬ | MSW ৰ নিষ্কাষণ | গুৱাহটীৰ বাহিৰে আন সকলো স্থানীয় নিকায়ে জাৱৰ পেলাবলৈ দ ঠাই ব্যৱহাৰ কৰে৷ |
অসমত অধিকাংশ স্থানীয় নিকায়ৰ ওচৰতেই সঠিক, বিজ্ঞানসন্মত ভূমি ফিল চাইটৰ অভাৱ৷ অৱশ্যে কোনো কোনো ঠাইত এই কাম আৰম্ভ হৈছে৷ যেনে ডিব্রুগড়৷
গুৱাহাটীৰ বাহিৰে অসমৰ আন কতো কম্পোষ্টিং অথবা ইনিচিনাৰেচনৰ ব্যৱস্থা নাই.