মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Pollution Control Board

অনুমতি / অনুমোদন ব্যৱস্থাপনা

জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৭৪ আৰু বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৮১ ৰ বিভিন্ন দফা অনুসৰি অনুমোদন দিয়াৰ লগতে বায়' মেডিকেল আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি ১৯৯৮, ক্ষতিকাৰক আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি ১৯৮৯, পৌৰ কঠিন আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি ২০০০ৰ অধীনত অনুমতি আদি বোৰ্ডৰ প্রধান কামবোৰৰ ভিতৰত অন্যতম৷ উদ্যোগীসকলে ইয়াৰ পৰা NOC/অনুমোদন/অনুমতি লাভ কৰাৰ ক্ষেত্রত প্রয়োজনীয় দুটামান কথা তলত উল্লেখ কৰা হ'ল:

জল আইন :

জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৭৪ ৰ বিভিন্ন দফাত উল্লেখ থকা অনুমোদিত নিৰ্দ্দেষণাসমূহৰ ৰূপায়নৰ জৰিয়তে জল প্ৰদূষণ ৰোধ কৰিব পৰা যায় ৷এই নিৰ্দ্দেষণাসমূহে প্রবাহৰ পৰিমান আৰু মানদণ্ডৰ লগতে নিৰ্গমনৰ স্থান আৰু প্রবাহৰ পৰ্যবেক্ষণৰ পুনৰাবৃত্তি আদি নিয়ণ্ত্রণ কৰে ৷ বোৰ্ডৰ দ্বাৰা পৃষ্ঠভাগ তথা ভূগৰ্ভষ্ঠ পানী পৰ্যবেক্ষণৰ অৰ্থ হ'ল বিগত বছৰসমূহত পানীৰ গুণগত মান উন্নত হৈছে আৰু এই পানী সামগ্রিকভাবে সঠিক মানদণ্ডৰ ৷

বায়ু আইন:

বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন ১৯৮১ অনুসৰি বায়ুমণ্ডলত গেছীয় নিৰ্গমনৰ হেতু উদ্যোগসমূহে বোৰ্ডৰ পৰা অনুমতি লোৱাতো বাঞ্চনীয় ৷ নিৰ্গমনৰ পৰিমান তথা গুণগত মানদণ্ডৰ লগতে ইয়াৰ ফ্রিকুৱেন্সি নিয়ণ্ত্ৰণৰ ক্ষেত্রতো বোৰ্ডে উদ্যোগসমূহক অনুমতি প্রদান কৰে ৷

উদ্যোগ স্থাপন / চালনৰ অনুমতি

বায়ু প্ৰদূষণ / জল প্ৰদূষণৰ সম্ভাৱনা থকা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত , উদ্যোগসমূহে বায়ু আইন আৰু জল আইনৰ অধীনত অনুমতি ল'ব লাগে ৷ এই অনুমতি দুটা পৰ্যায়ত লোৱা হয়:

উদ্যোগ স্থাপনৰ অনুমতি (NOC)এই অনুমতি উদ্যোগ / প্রক্ৰিয়া /প্রকল্প স্থাপনৰ পূৰ্বে লোৱা হয় ৷
উদ্যোগ চালনৰ অনুমতি (প্রাৰম্ভিক আৰু নবীকৰণ)প্রস্তাবিত উদ্যোগ/ প্রকল্পটি যাবতীয় প্ৰদূষণ নিয়ণ্ত্ৰণ ব্যৱস্থাৰ সৈতে স্থাপন কৰাৰ পাছত উদ্যোগীসকলে উদ্যোগটি চলোৱাৰ বাবে অনুমতি ল'ব লাগে ৷এই অনুমতি এক নিৰ্দিষ্ট সময়ৰ বাবে দিয়া হয়, যাৰ নিয়মীয়া নৱীকৰণ বাঞ্চনীয়৷

উদ্যোগ স্থাপনৰ অনুমতি (NOC)

প্রকল্প স্থাপনৰ/নিৰ্মানৰ পূৰ্বে প্রস্তাবিত উদ্যোগটিয়ে জল আইন আৰু/অথবা বায়ু আইনৰ অধীনত NOC ল'ব লাগে ৷ জল আইন/ বায়ু আইনৰ অধীনত NOC (স্থাপনৰ অনুমতি)ৰ আবেদন বোৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে বৈকল্পিক পত্রৰ দ্বাৰা কৰিব লাগে ৷ এই আবেদন পত্রৰ মাচুল এশ টকা আৰু বোৰ্ডৰ আটাইবোৰ কাৰ্যালয়তে উপলব্ধ ৷

প্রয়োজন অনুসৰি এই পত্র ৱেবছাইটৰ পৰাও downloaded কৰিব পৰা যায় ৷ ৷আবেদনৰ মাচুল সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটী কাৰ্যালয়ৰ নামত DD ৰ জৰিয়তে দিব পৰা যায় ৷

যিসকলে ইতিমধ্যেই NOC লাভ কৰিছে , তেওঁলোকে উপৰোক্ত পত্রৰ দ্বাৰা আকৌ আবেদন কৰাৰ প্রয়োজন নাই ।

প্রস্তাবিত উদ্যোগস্থলিত কোনো ধৰণৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই NOC লোৱাটো বাঞ্চনীয় ৷ অৱশ্যে তলত দিয়া চৰ্ত্তসমূহ পূৰণ কৰিলে,নিৰ্মাণ আৰম্ভ হোৱাৰ পাছতো NOC দিয়া হয়:

  • ঠাইখিনি উপযুক্ত
  • NOC ৰ আবেদন পত্রৰ সৈতে উপযুক্ত মাচুল দিয়া হৈছে ৷
  • প্ৰদূষণ নিয়ণ্ত্ৰণৰ বাবে প্রয়োজনীয় ব্যৱস্থা কৰা হৈছে ৷

এই NOC ৰ বৈধতা এবছৰ ৷ তেতিয়ালৈকে কাম আৰম্ভ নকৰিলে NOC ৰ নৱীকৰণ কৰাব লাগে ৷ বৈধ সময়ৰ ভিতৰত নৱীকৰণ নকৰালে, আকৌ নতুনকৈ আবেদন কৰিব লাগে ৷

NOC ৰ সৈতে জমা কৰিবলগীয়া নথি-পত্র

অনুমতিৰ আবেদনৰ সৈতে জমা দিবলগীয়া নথি-পত্র সমূহ হ'ল :

  • মাটিৰ কাগজ / লীজৰ চুক্তি
  • সম্পূৰ্ণ বিনিয়োগ সম্বলিত প্রকল্প প্রতিবেন ৷
  • উপপ্রতি সমাহাৰ্তা / চক্র বিষয়াৰ পৰা কৃষিভূমি নোহোৱাৰ প্রমানপত্র (ঈটা আৰু শিল ভঙা উদ্যোগৰ বাবে বাধ্যতামূলক )৷
  • প্রস্তাবিত প্রকল্পটোৰ স্থান তথা চৌপাশৰ বিবৰণ সন্নিবিস্ত এখন চাইট মেপ ৷
  • বিভিন্ন প্রক্রিয়া , গেছীয় নিৰ্গমন, কঠিন তথা ক্ষতিকাৰক আৱৰ্জনা ; KV কেপাচিটিৰ DG চেট সহিত ময়লা/জুলীয়া আৱৰ্জনা পৰিশোধন প্রকল্প আদিৰ কথা উল্লেখ কৰি আন্তঃগাঠনিৰ বিস্তাৰিত পৰিকল্পনা ৷
  • পানীৰ বাজেট তথা ফ্লো ডায়েগ্রাম , ৰাসায়নিক প্রতিক্রিয়া আৰু মেটেৰিয়েল বেলেন্সৰ সৈতে প্রত্যেকটো সামগ্রীৰে নিৰ্মাণ প্রক্রিয়া ৷
  • প্রতিদিনে/ প্রতিমাহে ব্যৱহাৰ হ'বলগীয়া কেঁচামাল আৰু সামগ্রীৰ বিস্তাৰিত তলিকা ৷
  • বায়ু প্ৰদূষণ / জল প্ৰদূষণ নিয়ণ্ত্রণৰ বাবে ব্যৱহাৰ হ'বলগীয়া সামগ্রী আৰু কঠিন তথা ক্ষতিকাৰক আৱৰ্জনা ব্যৱস্থাপনাৰ বিবৰণ ৷
  • আৱৰ্জনা পেলাবলগীয়া স্থানৰ বিবৰণ ৷
  • স্থানৰ সৈতে বনানীকৰণৰ পৰিকল্পনাৰ বিস্তৃত বিবৰণ ৷
  • অসম চৰকাৰৰ উদ্যোগ সঞ্চালকালয়ৰ পৰা NOC ৷
  • প্রস্তাবিত স্থান/অঞ্চলৰ নগৰ /গ্রাম্য কতৃপক্ষৰ পৰা NOC ৷
  • সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটী কাৰ্যালয়ৰ নামত DD ৰ জৰিয়তে জমা দিয়া NOC ৰ মাচুল ৷

স্থাপনৰ অনুমতিৰ (NOC) মাচুল :

ক্রমিক নংমুঠ বিনিয়োগ (টকা)স্থাপনৰ অনুমতিৰ (NOC) মাচুল
(টকা)
১৫ লাখ পৰ্যন্ত বিনিয়োগৰ উদ্যোগ২,০০০/-
২৫ লাখতকৈ অধিক কিন্তু ১০ লাখতকৈ কম বিনিয়োগৰ উদ্যোগ৫,০০০/-
৩১০ লাখতকৈ অধিক কিন্তু ২০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ৮,০০০/-
৪২০ লাখতকৈ অধিক কিন্তু ৫০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ১২,০০০/-
৫৫০ লাখতকৈ অধিক কিন্তু ১কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ৫০,০০০/-
৬১কোটিতকৈ অধিক কিন্তু ৫কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ৭৫,০০০/-
৭৫কোটিতকৈ অধিক কিন্তু ১০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ১,০০,০০০/-
৮১০কোটিতকৈ অধিক কিন্তু ৫০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ২,০০,০০০/-
৯৫০কোটিতকৈ অধিক কিন্তু ১০০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ৩,০০,০০০/-
১০১০০কোটিতকৈ অধিক কিন্তু ২০০ কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ৫,০০,০০০/-
১১২০০ কোটিতকৈ অধিক৭,০০,০০০/-

বায়ু আৰু জল আইনৰ অধীনত চালনৰ অনুমতি (প্রাৰম্ভিক):

চালনৰ অনুমতিৰ বৈধতা এবছৰ৷ তেতিয়ালৈকে কাম আৰম্ভ নকৰিলে চালনৰ অনুমতিৰ নৱীকৰণ কৰাব লাগে ৷ বৈধ সময়ৰ ভিতৰত নৱীকৰণ নকৰালে, আকৌ নতুনকৈ বোৰ্ডৰ ওচৰত আবেদন কৰিব লাগে ৷

বায়ু আৰু জল আইনৰ অধীনত চালনৰ অনুমতিৰ আবেদন পত্র তিনিটা পৰ্যায়ত জমা দিব লাগে ৷এই আবেদন পত্রৰ মাচুল এশ টকা আৰু বোৰ্ডৰ আটাইবোৰ কাৰ্যালয়তে উপলব্ধ ৷ প্রয়োজন অনুসৰি এই পত্র ৱেবছাইটৰ পৰাও download কৰিব পৰা যায় ৷আবেদনৰ মাচুল সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটী কাৰ্যালয়ৰ নামত DD ৰ জৰিয়তে দিব পৰা যায় ৷

জমা কৰিবলগীয়া নথি-পত্র

চালনৰ অনুমতিৰ নৱীকৰণ আবেদনৰ সৈতে জমা দিবলগীয়া নথি-পত্র সমূহ হ'ল:

  • ভূমি নথি পত্ৰ / লিজ চুক্তি
  • মুঠ বিনিয়োগ সহ প্ৰকল্প প্ৰতিবেদন
  • এছ ডি চি / চক্ৰ বিষয়াৰ পৰা অ-কৃষি ভূমিৰ প্ৰমাণ পত্ৰ (কঠোৰ ভাৱে ইটা আৰু শিল ভঙাৰ ক্ষেত্ৰত)
  • জল প্ৰদূষণ নিয়ন্ত্ৰণ / বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ডিভাইচ সমূহ আৰু গোটা আৱৰ্জনা / বিপজ্জনক আৱৰ্জনা প্ৰৱন্ধনৰ সুবিধা প্ৰদানৰ বিৱৰণ
  • শেহতীয়া শুল্ক পৰিশোধ / পাৰিতোষিক বিবৃতি
  • সদস্য-সচিব, প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড, অসম, গুৱাহাটীৰ পক্ষত ডিমাণ্ড ড্ৰাফ্টৰ ৰূপত সন্মতি মাচুল
  • পৰিবেশগত অনুমোদনৰ আৱশ্যক হোৱা উদ্যোগ / পক্ৰিয়া সমূহ পৰিচালন কৰিবলৈ প্ৰথম সন্মতিৰ ক্ষেত্ৰত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত প্ৰদূষণগত অনুমোদন বা অন্য কোনো অনুমতিৰ প্ৰতিলিপি
  • বাণিজ্যিক প্ৰদূষণ / পৰিবেশ আৰু ধোঁৱা নিৰ্গমনৰ পৰীক্ষাগাৰ বিশ্লেষণ প্ৰতিবেদন
পূৰ্বতে জমা দিয়া যি কোনো পৰিবৰ্তনৰ ক্ষেত্ৰত (এন ও চি)উদ্যোক্তাই নিম্নলিখিত নথি জমা দিব লাগিব (নবীকৰণৰ কাৰণে অনুমোদনৰ সন্মতি):
  • বিভিন্ন প্ৰক্ৰিয়াকৰণ আৰু নিস্কাশনকৃত দ্ৰব্য / বায়ু নিৰ্গমন / গোটা আৱৰ্জনা / বিপদজ্জনক আৱৰ্জনা আৰু আৱৰ্জনাৰ স্তূপৰ অৱস্থান / আৱৰ্জনা ব্যৱহাৰৰ উদ্যোগ ডি.জি. চেট সহ ক্ষমতা কে ভি কে ধৰি বিভিন্ন পক্ৰিয়া আৰু উৎসৰ বিন্দু নিৰ্দেশ কৰি কৰা পৰিকল্পনা
  • প্ৰবাহ চিত্ৰ, ৰাষায়নিক প্ৰতিক্ৰিয়া আৰু জল বাজেট সৈতে বস্তুগত ভাৰসাম্য সহ সকলো পণ্যৰ উৎপাদন প্ৰক্ৰিয়া
  • মাহিলী/দৈনিক ব্যৱহাৰ কৰাৰ পৰিমান/কেচামালৰ ব্যৱহাৰৰ পৰিমানৰ বিস্তাৰিত বিৱৰণৰ
  • জল প্ৰদূষণ নিয়ন্ত্ৰণ / বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ যন্ত্ৰ সমূহৰ বিৱৰণ আৰু গোটা আৱৰ্জনা / বিপদজনক আৱৰ্জনা প্ৰৱন্ধনৰ বিৱৰণ প্ৰদান কৰাৰ প্ৰস্তাব লোৱা
  • নিৰ্গমন আৰু ইয়াৰ নিষ্পত্তিৰ কাৰণে উপলব্ধ ভূমিৰ বিৱৰণ
  • এলেকাৰ বিশদ বিৱৰণ সহ সেউজ বেল্ট উন্নয়নৰ বিৱৰণ
  • উদ্যোগ নিৰ্দেশালয়ৰ পৰা এন. ও. চি, অসম চৰকাৰ
  • চহৰ / সংশ্লিষ্ট স্থানৰ গাওঁ কৰ্তৃপক্ষ / সংশ্লিষ্ট স্থানৰ পৰা এন. ও. চি

বায়ু আইন / জল আইন সন্মতি মাছুল

প্ৰতিটো অৱধিৰ কাৰণে মাছুল সহ আবেদনৰ (এক বছৰৰ অধিক নহয়)

ফলকমুঠ মূলধন বিনিয়োগ(টকাত)বায়ু আইনৰ অধীনত সন্মতি
(টকাত)
জল আইনৰ অধীনত সন্মতি
(টকাত)
প্ৰাৰম্ভিকপ্ৰাৰম্ভিক
১উদ্যোগৰ মুঠ বিনিয়োগ ৫.০০ লাখ টকা পৰ্য্যন্ত১,০০০/-১,০০০/-
২উদ্যোগৰ মুঠ বিনিয়োগ ৫.০০ লাখ টকাৰ বেছি কিন্তু ১০.০০ লাখ টকাৰ বেছি নহয়২,৫০০/-২,৫০০/-
৩উদ্যোগৰ মুঠ বিনিয়োগ ১০.০০ লাখ টকাৰ বেছি কিন্তু ২০.০০ লাখ টকাৰ বেছি নহয়৫,০০০/-৫,০০০/-
৪উদ্যোগৰ মুঠ বিনিয়োগ ২০.০০ লাখ টকাৰ বেছি কিন্তু ৫০.০০ লাখ টকাৰ বেছি নহয়৭,৫০০/-৭,৫০০/-
৫উদ্যোগৰ মুঠ বিনিয়োগ ৫০.০০ লাখ টকাৰ বেছি কিন্তু ১.০০ কোটি টকাৰ বেছি নহয়১০,০০০/-১০,০০০/-
৬উদ্যোগৰ মুঠ বিনিয়োগ ১.০০ কোটি টকাৰ বেছি কিন্তু ৫.০০ কোটি টকাৰ বেছি নহয়২৫,০০০/-২৫,০০০/-
৭উদ্যোগৰ মুঠ বিনিয়োগ ৫.০০ কোটি টকাৰ বেছি কিন্তু ১০.০০ কোটি টকাৰ বেছি নহয়৫০,০০০/-৫০,০০০/-
৮উদ্যোগৰ মুঠ বিনিয়োগ ১০.০০ কোটি টকাৰ বেছি কিন্তু ৫০.০০ কোটি টকাৰ বেছি নহয়১,০০,০০০/-১,০০,০০০/-
৯উদ্যোগৰ মুঠ বিনিয়োগ ৫০.০০ কোটি টকাৰ বেছি কিন্তু ১০০.০০ কোটি টকাৰ বেছি নহয়২,০০,০০০/-২,০০,০০০/-
১০উদ্যোগৰ মুঠ বিনিয়োগ ১০০.০০ কোটি টকাৰ বেছি কিন্তু ২০০.০০ কোটি টকাৰ বেছি নহয়৩,০০,০০০/-৩,০০,০০০/-
১১২০০.০০ কোটি বেছি৫,০০,০০০/-৫,০০,০০০/-

সঞ্চালন কৰাৰ কাৰণে সন্মতিৰ নবীনকৰণ

সন্মতিৰ কাৰণে আৱেদন (নবীকৰণ) সন্মতি আদেশ শেষ হোৱাৰ ৪ মাহ আগতে জমা কৰা হয়। যদি বৈধতা মেয়াদ শেষ হোৱাৰ পিছত আৱেদন কৰা হয় তেনেহলে ধাৰা ২৫/২৬ জল আইন আৰু ধাৰা ২১ বায়ু আইন অনুযায়ী এটা পদক্ষেপ লোৱা হ`ব।

জল আইন আৰু বায়ু আইনৰ অধীনত (নবীকৰণ) পৰিচালনা কৰা সন্মতিৰ কাৰণে আৱেদন পত্ৰ অনুসূচী-I তিনি কপি সহ জমা দিব লাগিব। আৱেদন ফৰ্ম মূল্য ১০০/- টকা আৰু ব`ৰ্ডৰ সকলো কাৰ্য্যালয়ত পোৱা যায় বা ওৱেবচাইটৰ পৰাও ডাউনলোড কৰিব পাৰি। ধন ৰাশি সদস্য-সচিব, প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড, অসম, গুৱাহাটীৰ পক্ষত ডিমাণ্ড ড্ৰাফ্টৰ ৰূপত জমা দিব লাগিব।

জমা কৰিব লগা নথি পত্ৰ

সন্মতি নবীকৰণৰ আৱেদনৰ কাৰণে জমা কৰিব লগা নথি পত্ৰ সমূহ হ`ল :

  • CA ৰ দ্বাৰা অনুমোদিত BALANCE SHEET
  • পূৰ্বৰ অনুমতি পত্রৰ প্রতিলিপি
  • বায়ু প্ৰদূষণ / জল প্ৰদূষণ নিয়ণ্ত্রণৰ বাবে ব্যৱহাৰ হ'বলগীয়া সামগ্রী আৰু কঠিন তথা ক্ষতিকাৰক আৱৰ্জনা ব্যৱস্থাপনাৰ বিবৰণ
  • আয়কৰ পৰিশোধ /আদায়ৰ বিবৃত্তি শেষতীয়া স্থিতি
  • সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটী কাৰ্যালয়ৰ নামত DD ৰ জৰিয়তে জমা দিয়া মাচুল
  • পৰিৱেশ সম্পৰ্কীয় অনুমতিৰ প্রয়োজন থকা উদ্যোগ / প্রক্রিয়াৰ ক্ষেত্রত পৰিৱেশ সম্পৰ্কীয় সেউজ সংকেত অথবা অসম আৰু ভাৰত চৰকাৰৰ পৰা ল'ব লগীয়া অনুমতিৰ প্রতিলিপি
  • জলীয় আৱৰ্জনা, ময়লা আৰু চৌপাশৰ পৰীক্ষাগাৰিক বিশ্লেষণৰ প্রতিবেদন
পূৰ্বৰ NOC খনৰ ক্ষেত্রত কিবা সাল-সলনিৰ প্রয়োজন হ'লে , জমা দিবলগীয়া নথি-পত্র সমূহ হ'ল (চালনৰ অনুমতিৰ নৱীকৰণ ):
  • বিভিন্ন প্রক্রিয়া , গেছীয় নিৰ্গমন, কঠিন তথা ক্ষতিকাৰক আৱৰ্জনা ; KVA কেপাচিটিৰ DG চেট সহিত ময়লা/জুলীয়া আৱৰ্জনা পৰিশোধন প্রকল্প আদিৰ কথা উল্লেখ কৰি আন্তঃগাঠনিৰ বিস্তাৰিত পৰিকল্পনা
  • পানীৰ বাজেট তথা ফ্লো ডায়েগ্রাম , ৰাসায়নিক প্রতিক্রিয়া আৰু মেটেৰিয়েল বেলেন্সৰ সৈতে প্রত্যেকটো সামগ্রীৰে নিৰ্মাণ প্রক্রিয়া
  • প্রতিদিনে/ প্রতিমাহে ব্যৱহাৰ হ'বলগীয়া কেঁচামাল আৰু সামগ্রীৰ বিস্তাৰিত তলিকা
  • Details of water pollution control/air pollution control devices and solid waste / hazardous waste management proposed to be provided.
  • আৱৰ্জনা পেলাবলগীয়া স্থানৰ বিবৰণ
  • স্থানৰ সৈতে বনানীকৰণৰ পৰিকল্পনাৰ বিস্তৃত বিবৰণ .
  • অসম চৰকাৰৰ উদ্যোগ সঞ্চালকালয়ৰ পৰা NOC
  • প্রস্তাবিত স্থান/অঞ্চলৰ নগৰ /গ্রাম্য কতৃপক্ষৰ পৰা NOC

While scrutinising the application the Board may call for clarification/information and all such applications will be deemed to have been made only from the date on which such clarification/information is received by the Board.

বায়ু/জল আইনৰ অধীনত অনুমতিৰ মাচুল

আবেদন পত্রৰ সৈতে তলত দিয়া ধৰণে মাচুল জমা দিব লাগে (সময়সীমা এবছৰ )

ক্রমিক নংমুঠ বিনিয়োগ (টকা)বায়ু আইনৰ অধীনত(টকা)
প্রাৰম্ভিক
জল আইনৰ অধীনত (টকা)
প্রাৰম্ভিক
১৫ লাখ পৰ্যন্ত বিনিয়োগৰ উদ্যোগ১,০০০/-১,০০০/-
২৫ লাখতকৈ অধিক কিন্তু ১০ লাখতকৈ কম বিনিয়োগৰ উদ্যোগ২,৫০০/-২,৫০০/-
৩১০ লাখতকৈ অধিক কিন্তু ২০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ৫,০০০/-৫,০০০/-
৪২০ লাখতকৈ অধিক কিন্তু ৫০লাখতকৈ কম বিনিয়োগৰ উদ্যোগ৭,৫০০/-৭,৫০০/-
৫৫০ লাখতকৈ অধিক কিন্তু ১কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ১০,০০০/-১০,০০০/-
৬১কোটিতকৈ অধিক কিন্তু ৫কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ২৫,০০০/-২৫,০০০/-
৭৫কোটিতকৈ অধিক কিন্তু ১০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ৫০,০০০/-৫০,০০০/-
৮১০কোটিতকৈ অধিক কিন্তু ৫০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ১,০০,০০০/-১,০০,০০০/-
৯৫০কোটিতকৈ অধিক কিন্তু ১০০কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ২,০০,০০০/-২,০০,০০০/-
১০১০০কোটিতকৈ অধিক কিন্তু ২০০ কোটিতকৈ কম বিনিয়োগৰ উদ্যোগ৩,০০,০০০/-৩,০০,০০০/-
১১২০০ কোটিতকৈ অধিক৫,০০,০০০/-৫,০০,০০০/-
Downloads
TitleSizeDetail
The Format of Inspection Report16.19 KBswf-image
Schedule Form230.35 KBswf-image