মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

গণশুনানি

ভূমি অধিগ্রহনক বাদ দি উদ্যোগ সম্পৰ্কীয় কাম আৰম্ভ কৰাৰ পূৰ্বে পৰিৱেশ সম্পৰ্কীয় অনুমোদন লোৱাতো বাধ্যমূলক ৷ স্কেডেউলৰ ‘A’ ভাগত পৰা বিষয়বোৰৰ বাবে পৰিৱেশ আৰু বন মন্ত্রালয়ৰ পৰা আৰু ৰাজ্যৰ ক্ষেত্রত স্কেডেউলৰ ‘B’ ভাগত পৰা বিষয়বোৰৰ বাবে ৰাজ্যিক পৰিৱেশ প্রভাৱ পৰ্যালোচনা কতৃপক্ষ (SEIAA)ৰ পৰা এই অনুমোদন ল’ব লাগে ৷ অনুমোদন ল’ব লগীয়া বিষয়বোৰ হ’ল-

(ক)EIA জাননী, ২০০৬ স্কেডেউলত উল্লেখ থকা সকলোবোৰ নতুন প্রকল্প বা কাম ৷
(খ)EIA জাননী, ২০০৬ স্কেডেউলত উল্লেখ থকা যিবোৰ প্রকল্প বা কামৰ নিৰ্দ্ধাৰিত সীমাতকৈ অধিক প্রসাৰ আৰু আধুনিকিকৰণ ঘটিছে, সেইবোৰ ৷
(গ)উল্লেখ থকা যিবোৰ পুৰণি উদ্যোগৰ প্রডাক্ট-মিক্সৰ নিৰ্দ্ধাৰিত সীমাতকৈ সাল-সলনি ঘটিছে ৷

ইয়াৰ দ্বাৰা ইচ্ছুক জনসাধাৰণ তথা স্থানীয় লোকে প্রস্তাবিত প্রকল্পটোৰ লাভালাভ আৰু প্রভাৱৰ কথা জনাৰ সুবিধা পায় ৷ তদুপৰি তেওঁলোকে তেওঁলোকৰ আশংকা আৰু তাৰ প্রতিকাৰৰ উপায়ো পেনেলৰ আগত জনাব পাৰে৷ EIA প্রতিবেদনৰ খচৰা আৰু প্রকল্পটোৰ কাৰ্যনিবাহী প্রতিবেদন ইংৰাজী আৰু আৰু স্থানীয় ভাষা উভয়তে ইচ্ছুক জনসাধাৰণ, পৰিৱেশকৰ্মী, বেচৰকাৰী সংস্থা আদিৰ বাবে বিভাগীয় উপায়ুক্তৰ কাৰ্যালয় , জিলা উদ্যোগ কেন্দ্র, জিলা পৰিষদ, গাঁও পঞ্চায়ত বা স্থানীয় সকায়, বোৰ্ডৰ কেন্দ্রীয় তথা প্রাদেশিক কাৰ্যালয় আৰু পৰিৱেশ আৰু বন মন্ত্রালয়ৰ শ্বিলংস্থিত প্রাদেশিক কাৰ্যালয়ত উপলব্ধ্ কৰা হয় ৷

বোৰ্ডে পৰিৱেশ সম্পৰ্কীয় গণশুনানিৰ ৰাজহুৱা জাননী অতিকমেও দুখন বাতৰি কাকতত প্রকাশ কৰে ৷ ইয়াৰে এখন স্থানীয় ভাষাৰ হয়৷ প্রকাশৰ ৩০ দিনৰ ভিতৰত নগৰিকে পৰামৰ্শ বা আপত্তি জনাব পাৰে ৷ তেওঁলোকে শুনানিত অংশ লৈ নিজৰ মতামত ৰাজহুৱা শুনানিৰ বাবে গঠিত পেনেলক জনাব পাৰে ৷ এই পেনেলৰ সদস্য হ’ল-

( ১. )উপায়ুক্ত্ অথবা মনোনীত লোক
(২)বোৰ্ডৰ প্রতিনিধি (কেন্দ্রীয় অথবা সংশ্লিষ্ট্ প্রাদেশিক কাৰ্যালয় )

আবেদনৰ ৪৫ দিনৰ ভিতৰত গণশুণানি শেষ কৰা হয় ৷ প্রকল্পৰ প্রবক্তাই নিয়মানুসৰি বোৰ্ডৰ ওচৰত আবেদন পত্র্ আৰু মাচুল জমা দিব লাগে ৷

গণশুণানিৰ প্রক্রিয়া-

আবেদনকাৰীৰ দায়িত্ব্
 ক. EIA ৰ প্রতিবেদনৰ ১০ টাকৈ হাৰ্ড আৰু চফ্ট কপি (ইনডেক্স-III)
 খ. EIA ৰ প্রতিবেদনৰ সাৰংশৰ ১০ টাকৈ হাৰ্ড আৰু চফ্ট কপি (ইংৰাজী/অসমীয়া )
 গ. EIA ৰ প্রতিবেদন/ EIA ৰ প্রতিবেদনৰ সাৰংশৰ একোটাকৈ হাৰ্ড আৰু চফ্ট কপি তলত দিয়া কাৰ্যালয়সমূহত দিব লাগে-
১. পৰিৱেশ আৰু বন মন্ত্রালয়, ভাৰত চৰকাৰ, নতুন দিল্লী
২. উপায়ুক্ত্
৩. জিলা পৰিষদ / নিগম
৪. জিলা উদ্যোগ কেন্দ্র
৫. পৰিৱেশ আৰু বন মন্ত্রালয়, ভাৰত চৰকাৰ, শ্বিলং
SPCB দায়িত্ব্
 . EIA ৰ প্রতিবেদনৰ সাৰাংশ আৰু EIA ৰ প্রতিবেদনৰ খচৰা তলত দিয়া কাৰ্যালয়সমূহত দিব লাগে-
১. পৰিৱেশ আৰু বন মন্ত্রালয়, ভাৰত চৰকাৰ, নতুন দিল্লী
২. উপায়ুক্ত্
৩. জিলা পৰিষদ / নিগম / গাওঁ পঞ্চায়ত
৪. জিলা উদ্যোগ কেন্দ্র
৫. পৰিৱেশ আৰু বন মন্ত্রালয়, ভাৰত চৰকাৰ, শ্বিলং
 . গণশুণানিৰ সৈতে মিনিটচ , জনসাধাৰণে উথ্থাপন কৰা বিষয়বোৰৰ বিবৃত্তি আৰু আবেদনকাৰীৰ টোকা(ইংৰাজী আৰু অসমীয়া ) প্রচিডিংচৰ সৈতে গাঁঠি দিব লাগে ৷
 . গণশুণানিৰ প্রচিডিংচ বোৰ্ডৰ পাঁচোটা কাৰ্যালয়ত প্রদৰ্শণ কৰা হ’ব ৷
 . SPCB য়ে প্রচিডিংচ ৱেবচাইটত আপলোড কৰিব ৷
 . প্রচিডিংচ সম্পৰ্কীয় মতামত আবেদনকাৰী অথবা SPCB লৈ পঠিয়াব পাৰে ৷
 . পৰিৱেশ সম্পৰ্কে বিষদ জ্ঞান থকা লোকৰ পৰা লিখিত মতামত ল’বলৈ হ’লে, SPCB য়ে সাৰাংশ, EIA ৰ প্রতিবেদনৰ সৈতে আবেদনকাৰীৰ আবেদনৰ প্রতিলিপি ৱেবচাইটত আপলোড কৰিব লাগিব ৷
৩.আবেদনকাৰীৰ দায়িত্ব্
 আবেদনকাৰীয়ে অনুমোদিত গণশুণানিৰ প্রচিডিংচৰ লগতে EIA ৰ চূড়ান্ত্ প্রতিবেদন অথবা গণশুণানিৰ পাছত তৈয়াৰ কৰা খচৰা প্রতিবেদনৰ সম্পূৰক প্রতিবেদন  বিভাগীয় কতৃপক্ষলৈ পোনপটীয়াকৈ প্রেৰণ কৰিব পাৰে ৷
Downloads
TitleSizeDetail
List of Public Hearing75.43 KBswf-image