মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

বায়’ মেডিকেল আৱৰ্জনা

অসমত চিকৎসাৰ সৈতে জড়িত অনুস্থানৰ লেখ-জোখ নাই ৷ ৩০ লাখতকৈ কম বসতি থকা চহৰত ৫০০ খন বিছনা যুক্ত্ চিকৎসালয় আৰু নাৰ্ছিং হোমৰ সংখ্যা ৩; ২০০ অথবা ততোধিক বিছনা যুক্ত্ চিকৎসালয় ৫; ৫০ অথবা ততোধিক বিছনা যুক্ত্ চিকৎসালয় ৪৭ আৰু ৫০ তকৈ কম বিছনা যুক্ত্ চিকৎসালয়ৰ সংখ্যা ৪২৭ হয় ৷ ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমেই হৈছে অসমৰ বায়’ মেডিকেল আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৯৮ ৰ সৰ্ব্বোচ্চ কতৃপক্ষ্ ৷

অনুমতি প্ৰদান
(ক)বায়’ মেডিকেল আৱৰ্জনা সৃষ্টি , সংগ্রহ, অনা-নিয়া, গ্রহণ, ষ্টোৰেজ, ট্রিটমেণ্ট্, নিষ্কাষণ, ব্যৱস্থাপনা আদিৰ সৈতে জড়িত সকলো উদ্যোগৰ মালিকপক্ষই Form I ৰ দ্বাৰা কতৃপক্ষৰ পৰা অনুমতি ল’ব লাগে৷ অৱশ্যে, মাহে ১০০০তকৈ কম ৰোগীক সেৱা প্রদান কৰা ক্লিনিক, ডিছপেনছেৰি, পেথোলোজিকেল পৰীক্ষাগাৰ আদি ইয়াৰ আওটাত নাহে ৷
(খ)বায়’ মেডিকেল আৱৰ্জনাৰ অপাৰটৰে Form I ৰ দ্বাৰা কতৃপক্ষৰ পৰা অনুমতি ল’ব লাগে ৷
(গ)Form Iৰ দ্বাৰা কতৃপক্ষৰ পৰা অনুমতিৰ বাবে কৰা আৱেদনৰ সৈতে ৰজ্যিক চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমানৰ মাচুল থাকিব লাগে ৷

আমাৰ ৰাজ্যত সৃষ্টি হোৱা প্রায় ৪৮২ প্রকাৰৰ বায়’ মেডিকেল আৱৰ্জনা বোৰ্ডে এতিয়ালৈকে চিনাক্ত কৰি উলিয়াইছে৷ এই প্রতিষ্ঠানসমূহে বায়’ মেডিকেল আৱৰ্জনা সংগ্রহ, পৃথকীকৰণ,ট্রিটমেণ্ট্ আৰু নিষ্কাষণৰ ক্ষেত্রত বোৰ্ডৰ পৰা এই অনুমোদন ল’ব লাগে ৷

অনুমোদন কেনেকৈ লাভ কৰিব?

বায়’ মেডিকেল আৱৰ্জনা (ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি অনুসৰ অনুমতি লোৱাটো উদ্যোগৰ মালিকপক্ষৰ প্রধান দায়িত্ব ৷ ইয়াৰ আবেদন পত্র্ বোৰ্ডৰ ওচৰত বিনামূলিয়াকৈ পোৱা যায় অথবা ৱেবচাইটৰ পৰা ডাউনলোড কৰাৰো সুবিধা আছে৷ মন কৰিবলগীয়া কথা এই যে আবেদন পত্র্ যাবতীয় মাচুলৰ সৈতে জমা কৰিব লাগে ৷ মাচুলখিনি ডিমাণ্ড্ ড্রাফ্ট হিচাপে সদস্য সচীব, প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ নামত আৰু গুৱাহাটীত ভঙাব পৰাকৈ দিব লাগে ৷পৃথকীকৰণৰ চৰ্ত্ত্ , সংগ্র্হ, ষ্টোৰেজ, ট্রিটমেণ্ট্, নিষ্কাষণ, মনিটৰিং , ৰেকৰ্ড্ ব্যৱস্থাপনা আৰু প্রতিবেদনৰ দাখিলীকৰণৰ কথা ইয়াত উল্লেখ থাকে ৷

বায়’ মেডিকেল আৱৰ্জনা উৎপাদন কৰা উদ্যোগৰ মালিকপক্ষই এয়া সুনিশ্চিত কৰিব লাগে যে নিষ্কাষিত আৱৰ্জনাই পৰিৱেশ তথা মানৱ শৰীৰৰ ওপৰত যাতে কোনোধৰণৰ কু-প্রভাৱ নেপেলায় ৷

উদ্যোগৰ মালিকপক্ষই প্রতি বছৰে ৩১ জানুৱাৰীৰ আগতে ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত Form-II ৰ দ্বাৰা এক বাৰ্ষিক প্রতিবেদন দাখিল কৰিব লাগে ৷ পাৰ হৈ যোৱা বছৰটোত বায়' মেডিকেল আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্রত কি কি ব্যৱস্থা হাতত লোৱা হৈছে, সেয়া এই প্রতিবেদনত উল্লেখ কৰা হয় ৷ এনেদৰে ভিন ভিন উদ্যোগৰ পৰা লাভ কৰা প্রতিবেদনসমূহ একেলগ কৰি ৰাজ্যিক বোৰ্ডে প্রতি বছৰে ৩১ মাৰ্চৰ আগত কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত জমা দিব লাগে৷

নিয়মানুসৰি, দহটা ভিন ভিন ভাগত বিভক্ত্ এই আৱৰ্জনাবোৰ চাৰিটা ভিন ভিন বৰণৰ কনটেইনাৰ/ মোনাত ৰাখিব লাগে ৷ দ ঠাইত পোতা, ইনচিনাৰেচন, অট’ক্লেভিং, মাইক্রোৱেভিং, মিউটিলেচন, শ্রেডিং আৰু ৰাসায়নিক ডিছইনফেকচন আদি প্ৰক্রিয়াৰ দ্বাৰা এই আৱৰ্জনাবোৰৰ সুবন্দোবস্ত কৰিব লাগে ৷বেছিভাগ চিকৎসালয়ৰে ট্রিটমেণ্ট্ আৰু নিষ্কাষণৰ বন্দোবস্তবোৰ সুবিধাজনক নহয় ৷

মাচুলৰ ৰকম
ক্র্মিক
নং
বিছনাৰ সংখ্যামাচুল (টকা)
৫০০ খন বিছনা অথবা ততোধিক২,০০,০০০
২০০ অথবা ততোধিক, ৫০০ বিছনাতকৈ কম১,৫০,০০০
৫০ অথবা ততোধিক,কিন্তু ২০০ বিছনাতকৈ কম১,০০,০০০
৫০ তকৈ কম ৫০ তকৈ কম৫০,০০০
ওপৰত উল্লেখ নথকা,কিন্তু বায়’ মেডিকেল আৱৰ্জনা নিষ্কাষণ কৰা সকলো প্ৰতিস্থান৪০,০০০
বায়’ মেডিকেল আৱৰ্জনাৰ প্রকাৰ
বিকল্পআৱৰ্জনাৰ প্রকাৰট্রিটমেণ্ট্আৰু নিষ্কাষণ
কেটেগ’ৰি ১মানৱ শৰীৰৰ আৱৰ্জনা ( শৰীৰৰ পেশী, অংগ-প্রত্যংগ)ইনচিনাৰেচন/ দ ঠাইত পোতা
কেটেগ’ৰি ২পশুৰ আৱৰ্জনা (পশুৰপেশী, অংগ-প্রত্যংগ, তেজ ওলোৱা অংগ, তেজ, গৱেষণাত ব্য্ৱহৃত পশু , পশু চিকিৎসা মহাবিদ্যালয়ৰ আৱৰ্জনা, চিকিৎসালয় আৰু পশুগৃহৰ পৰা ওলোৱা মল আদি)ইনচিনাৰেচন/ দ ঠাইত পোতা
কেটেগ’ৰি ৩মাইক্রোবায়’লজি আৰু বায়’টেকন’ল’জি আৱৰ্জনা ( পৰীক্ষাগাৰৰ আৱৰ্জনা, জীৱিত বা এটেনুৱেটেড ভেকচিন অণুজীৱৰ নমুনা অথবা ষ্টক, গৱেষণাত ব্য্ৱহাৰ হোৱা মানৱ তথা পশুৰ কোষ কালচাৰ, গৱেষণাগাৰ তথা ৰাসায়ণিক পৰীক্ষাগাৰৰ সোঁচৰা অণুজীৱ, বায়’লজিকেল টক্সিন উৎপাদনৰ আৱৰ্জনা,  কালচাৰ অনা-নিয়াত লগা সজুলি আৰু প্লেট ৷)লোকেল অট’ক্লেভিং / মাইক্রোৱেভিং/ইনচিনাৰেচন
কেটেগ’ৰি ৪চোকা আৱৰ্জনা ( ব্যৱহৃত আৰু অব্যৱহৃত উভয় ধৰণৰ বেজী , স্কেল্পেল, ব্লেড, গ্লাছ আদি, যাৰ পৰা কটা্-চিঙা হ’ব পাৰে ৷ডিছইনফেকচন(ৰাসায়নিক ট্রিটমেণ্ট্/ অট’ক্লেভিং / মাইক্রোৱেভিং আৰু মিউটিলেচন / শ্রেডিং
কেটেগ’ৰি ৫পেলাই দিয়া ঔষধ আৰু চাইট’ক্সিক ড্রাগছ (ম্যাদ উকলি যোৱা, সংক্রমিত আৰু অব্যৱহৃত ঔষধ)ইনচিনাৰেচন/নষ্ট্ কৰা আৰু সুৰক্ষিত ঠাইত ঔষধ নিষ্কাষণ
কেটেগ’ৰি ৬চইলড আৱৰ্জনা ( তেজ লগা বস্তু, দেহৰ ফ্লুইড লাগি থকা কপাহ, ড্রেংছি,চইলড প্লাষ্টাৰ কাষ্ট্, লাইনচ, বেডিং, তেজ লগা আন সামগ্রী)ইনচিনাৰেচন / অট’ক্লেভিং  / মাইক্রোৱেভিং
কেটেগ’ৰি ৭চলিড আৱৰ্জনা ( জোঙা বস্তু বাদে আনধৰণৰ সামগ্রীৰ পৰা সৃষ্টি হোৱা আৱৰ্জনা )ৰাসায়নিক ট্রিটমেণ্ট্ দ্বাৰা ডিছইনফেকচন, অট’ক্লেভিং  / মাইক্রোৱেভিং মিউটিলেচন / শ্রেডিং
কেটেগ’ৰি ৮জুলীয়া আৱৰ্জনা (পৰীক্ষাগাৰ তথা ধোৱা পখলা, চাফাই আৰু ৰ পৰা ওলোৱা আৱৰ্জনা, সংক্রমণ ৰোধী কাম-কাজৰ পৰা ওলোৱা আৱৰ্জনা)ৰাসায়নিক ট্রিটমেণ্ট্ দ্বাৰা ডিছইনফেকচন  আৰু নলাত নিষ্কাষণ
কেটেগ’ৰি ৯ইনচিনাৰেচন ছাঁই (বায়’ মেডিকেল আৱৰ্জনাৰ ইনচিনাৰেচন পৰা ওলোৱা ছাঁই)নগৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত ঠাইত নিষ্কাষণ ৷
কেটেগ’ৰি ১০ৰাসায়নিক আৱৰ্জনা (কীটনাশকৰ দৰে জৈৱিক বা ৰাসায়নিক পদাৰ্থৰ উৎপাদনত লগা ৰাসায়নিক সামগ্রী)ৰাসায়নিক ট্রিটমেণ্ট্ তথা জুলীয়া আৱৰ্জনা নলাত নিষ্কাষণ আৰু চলিড আৱৰ্জনা   সুৰক্ষিত ঠাইত নিষ্কাষণ
বায়’ মেডিকেল আৱৰ্জনা নিষ্কাষণৰ বাবে কনটেইনাৰৰ প্রকাৰ আৰু কালাৰ কোডিং
কালাৰ কোডিংকনটেইনাৰৰ প্রকাৰআৱৰ্জনাৰ প্রকাৰচিডিউল ১ অনুসৰি ট্রিটমেণ্ট্ বিকল্প্
হালধীয়াপ্লাষ্টিকৰ মোনাCat. 1, Cat. 2, Cat. 3, & Cat. 6ইনচিনাৰেচন/ দ ঠাইত পোতা
ৰঙাডিছইনেক্টেড কনটেইনাৰ  / প্লাষ্টিকৰ মোনাCat. 3, Cat. 6, Cat. 7.অট’ক্লেভিং / মাইক্রোৱেভিং / ৰাসায়নিক ট্রিটমেণ্ট্.
নীলা / বগা ট্রেনচুলচেনপ্লাষ্টিকৰ মোনা  / পাংচাৰ প্রতিৰোধী কনটেইনাৰCat. 4, Cat. 7অট’ক্লেভিং / মাইক্রোৱেভিং / ৰাসায়নিক ট্রিটমেণ্ট্ আৰু নষ্ট্ কৰা / শ্রেডিং
ক’লাপ্লাষ্টিকৰ মোনাCat. 5 and Cat. 9 and Cat.10(solid)সুৰক্ষিত ঠাইত নিষ্কাষণ