বৰ্ত্ত্মান সময়ত ক্ষতিকাৰক আৱৰ্জনাৰ অনিয়ন্ত্রিত বৃদ্ধি দেশৰ কাৰণে ভয়াবহ সমস্যা হৈ পৰিছে৷ এই সমস্যাৰ সমাধানৰ হেতু ভাৰত চৰকাৰে পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬ ৰ অধীনত ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ জাৰি কৰে ৷ এই নীতিক ২০০০ আৰু ২০১৩ চনত পুনৰ সংশোধন কৰা হয় ৷ ২৪.৯.২০০৮ তাৰিখৰ এখন জাননীৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে উপৰোক্ত আইনসমূহ ৰহিত কৰি, ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন)নীতি, ২০০৮ জাৰি কৰে ৷ অৱশ্যে ২০১০ চনত ইয়াক পুনৰ সংশোধন কৰা হয়
ভাৰতৰ উচ্চ্তম ন্যায়ালয়ে ১৪.৩.২০০৩ তাৰিখে জাৰি কৰা WP(c) No-৬৫৭/৯৫ নিৰ্দেশটোৱেই ক্ষতিকাৰক আৱৰ্জনা ব্যৱস্থাপনা আৰু নিয়ন্ত্রণৰ পাতনি মেলে ৷এই নিৰ্দেশ অনুসৰি ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ ৰ অধীনত যাৱতীয় অনুমোদন নেথাকিলে উদ্যোগসমূহে কাম কৰিব নোৱাৰে ৷ তদুপৰি ক্ষতিকাৰক আৱৰ্জনাৰ নিৰ্গমন, জমা তথা ব্যৱস্থাৰ বাবেও নিৰ্দেশ জাৰি কৰা হৈছে৷
উচ্চ্তম ন্যায়ালয়ে ১৪.৩.২০০৩ তাৰিখে জাৰি কৰা WP(c) No-৬৫৭/৯৫ নিৰ্দেশটোত ক্ষতিকাৰক আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰ সম্পৰ্কীয় কেবাটাও নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ এটা হ’ল ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ দ্বাৰা ক্ষতিকাৰক আৱৰ্জনাৰ ইনভেন্টৰী প্রস্তুত কৰা৷
এই নিয়মসমূহ আৰম্ভ্ হোৱাৰ ৬০ দিনৰ ভিতৰত ক্ষতিকাৰক আৱৰ্জনাৰ সৃষ্টি, প্রচেছিং, ব্যৱস্থা, পেকেজ জমা, যাতায়ত, ব্যৱহাৰ, সংগ্রহ, নষ্ট, কনভাৰ্ছন, বিক্রী, হস্তান্তৰ আদিৰ সৈতে জড়িত লোকসকলে Form 1 ৰ জৰিয়তে ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাব লাগে ৷
অৱশ্যে এই নিয়মসমূহ আৰম্ভ্ হোৱাৰ আগতেই যদি কোনোৱে ক্ষতিকাৰক আৱৰ্জনা(ব্যৱস্থাপনা আৰু ব্যৱহাৰ)নীতি,১৯৮৯ ৰ অধীনত অনুমোদন লাভ কৰিছে, তেন্তে তাৰ ম্যাদ শেষ উকলি নোযোৱালৈকে অনুমোদনৰ বাবে আবেদন জনাব নেলাগে ৷
schedule IV ত উল্লেখিত ক্ষতিকাৰক আৱৰ্জনাৰ পুনৰনৱীকৰণ অথবা প্রচেছিঙৰ সৈতে জড়িত হ’ব খোজা প্রত্যেক ব্যক্তিয়ে Form 5 ৰ জৰিয়তে পঞ্জীয়নৰ অনুমতি অথবা নৱীকৰণৰ বাবে নিম্নোক্ত্ নথি-পত্ৰ্ সহিত আবেদন কৰিব লাগে-