মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

পানীৰ মানদণ্ডৰ মণিটৰিং

প্ৰদূষণ নিয়ণ্ত্ৰণৰ বাবে হাতত লোৱা কাম-কাজসমূহৰ মূল উদ্দেশ্য হ’ল প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণ আৰু উন্নতীকৰণ৷ প্ৰদূষণ নিয়ণ্ত্ৰণ ব্যৱস্থাপনাৰ বিধি বলবৎ বা পৰিকল্পনাৰ পূৰ্বে সম্পদৰ ওপৰত সম্যক জ্ঞান থকাটো খুবেই জৰুৰী ৷ সেয়ে ৰাজ্যৰ জলজ সম্পদৰ মানদণ্ডৰ ওপৰত চকু ৰখাৰ উদ্দেশ্যে বোৰ্ডে একধৰণৰ নেটৱৰ্কৰ সহায় লয়৷ পানীৰ মানদণ্ড মণিটৰ কৰাৰ বাবে বোৰ্ডে তিনিটা স্কীম হাতত লৈছে৷ সেয়া হ’ল-

MINARS কাৰ্য্সূচী : কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে আৰ্থিক অনুদান আগবঢ়োৱা ভাৰতৰ ৰাষ্ট্রীয় জলজ সম্প্দৰ মণিটৰিং কাৰ্য্সূচী[MINARS] ৰ অধীনত বোৰ্ডে ৰাজ্যৰ কেইখনমান নিৰ্দিষ্ট নদীত পৃষ্ঠ্ভাগৰ পানীৰ মানদণ্ড মণিটৰ তথা বিশ্লেষণৰ কাম অব্যাহত ৰাখিছে৷ এই কাৰ্য্সূচীৰ জৰিয়তে বোৰ্ডে ১৯৮৭ চনৰে পৰা বৰাক নদীত এটা আৰু ব্র্হ্ম্পুত্র তথা ইয়াৰ উপনৈত ১০ টা মণিটৰিং ষ্টেচন মাহিলী মণিটৰিঙৰ বাবে স্থাপন কৰা হৈছে ৷এই কাৰ্য্সূচী এতিয়াও অব্যাহত আছে আৰু ২০০২ চনৰ আগষ্ট মাহৰ পৰা এই মণিটৰিং ষ্টেচনৰ সংখ্যা ১১ৰ পৰা ২৯লৈ বৃদ্ধি পাইছে৷ইয়াৰ ভিতৰত ১০ টা ভূগৰ্ভস্থ পানীৰ নমুনাও আছে ৷

MINARS কাৰ্য্সূচীৰ অধীনত মণিটৰিং ষ্টেচনৰ তালিকা-

ক্র্মিক নংনদীপ্ৰকাৰমণিটৰিংমণিটৰিঙৰ স্থান
ব্র্হ্ম্পুত্রনদীমাহিলীক. মাইজান,ডিব্রুগড়
খ.বালিজান
গ.নিমাতীঘাট, যোৰহাট
ঘ.পাণ্ডু, গুৱাহাটী
ঙ.ধেনুখানা পাহাৰ, তেজপুৰ
চ. যোগীঘোপা, বঙাইগাঁও
জাঁজীনদীতিনিমহীয়াজাঁজী, শিৱসাগৰ
ধনশিৰিগোলাঘাট.
শোৱণশিৰিগেৰুকামুখ লক্ষীমপুৰ
১০এলেঙা বীলবীলজাগীৰোডত HPC প্ৰবাহত পৰাৰ পূৰ্ৱে৷
১১দিচাংনদীগুদামঘাট, চেপাখাটি,
১২ বুঢ়ীদিহিংমাৰ্ঘেৰিটা
১৩বৰাককাচাৰৰ পঞ্চ্গ্রামত HPC প্ৰবাহত পৰাৰ পূৰ্ৱে৷
১৪ভোগদৈএন এইচ ক্র্ছিং, যোৰহাট
১৫ভৰলুগুৱাহাটীত প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ ওচৰত ব্র্হ্ম্পুত্র্ত পৰাৰ পূৰ্ৱে
১৬দীপৰ বিলবীলগুৱাহাটী
১৭ডিগবৈনদীলক্ষীমপুৰ
১৮মৰাভৰলীনদীতেজপুৰত ব্র্হ্ম্পুত্রত পৰাৰ পূৰ্ৱে
১৯জয়সাগৰবীলশিৱসাগৰ
২০কুঁৱাভূগৰ্ভস্থ পানীছয়মাহিলীতিনিচুকীয়া জিলাৰ ডিগবৈ
২১কুঁৱাভূগৰ্ভস্থ পানীকাৰ্বি আংলং
২২কুঁৱাভূগৰ্ভস্থ পানীশিৱসাগৰ
২৩কুঁৱাভূগৰ্ভস্থ পানীশিৱসাগৰ
২৪কুঁৱাভূগৰ্ভস্থ পানীযোৰহাট
২৫কুঁৱাভূগৰ্ভস্থ পানীশিলচৰ
২৬কুঁৱাভূগৰ্ভস্থ পানীবৰপেটা
২৭কুঁৱাভূগৰ্ভস্থ পানীবঙাইগাঁও
২৮কুঁৱাভূগৰ্ভস্থ পানীগুৱাহাটী
২৯কুঁৱাভূগৰ্ভস্থ পানীগুৱাহাটী

অন্যান্য্ মণিটৰিং:

অসম ৰাজ্য খন নানা আকাৰৰ খাল-বিলেৰে ভৰপূৰ ৷ এই খাল-বিলসমূহৰ পানীৰ মানদণ্ড্ সময়ে সময়ে পৰীক্ষা কৰা হয় ৷

অসমৰ কিছুমান সংবেনশীল ঠাইৰ ভূগৰ্ভস্থ পানীৰ মানদণ্ড্ও বোৰ্ডে সময়ে সময়ে পৰীক্ষা কৰি আহিছে ৷ প্রয়োজন অনুসৰি এই পৰীক্ষা সমূহ কৰা হয় ৷ জিলা পৰ্যায়ত জিলাবোৰৰ কিছুমান বিশেষ ঠাইৰ ভূগৰ্ভস্থ পানীৰ মানদণ্ড্ও জোনিং এটলাচ ফৰ চিটিং অৱ ইণ্ডাষ্ট্ৰিজ নামৰ প্র্কল্পটোৰ অধীনত পৰীক্ষা কৰি থকা হৈছে৷

তদুপৰি, সকলো গুৰু উদ্যোগৰ নিষ্কাষিত প্রবাহো [ক্ষতিকাৰকৰ সৈতে] প্রতিমাহে মণিটৰ কৰা হয়৷ আনহাতে লঘূ উদ্যোগৰ মণিটৰ প্রয়োজন অনুসৰি কৰা হয় ৷