শুল্ক আইনৰ অধীনত স্থানীয় নিকায় তথা বিশেষ কিছুমান উদ্যোগত ব্যৱহাৰ কৰা পানীৰ বাবদ শুল্কৰ বিধান আছে৷ইয়াৰ উদ্দেশ্য হ’ল পানী সংৰক্ষণ তথা কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড আৰু ৰাজ্যিক বোৰ্ডৰ পুঁজী বৃদ্ধি৷ ১৯৭৭ চনৰ জল(প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)শুল্ক নীতি আৰু তাৰ পৰৱৰ্ত্তী শেহীয়া সংশোধনীৰ ‘চিডিউল I’ ৰ অন্তৰ্গত উদ্যোগসমূহৰ পৰা ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে শুল্ক সংগ্রহ কৰে ৷ ব্যৱহাৰকাৰীসকলে ব্যৱহৃত পানীৰ ৰিটাৰ্ণ,জল(প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)শুল্ক আইন, ১৯৭৮ ৰ সঠিক ফৰ্মেট (Form-I) ত জমা দিয়াৰ পাছত, জল(প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)শুল্ক (সংশোধনী) ১৯৯১ ৰ ‘চিডিউল II’ অনুসৰি শুল্ক সংগ্রহ কৰা হয় ৷
বোৰ্ডে এনেদৰে সংগ্রহ কৰা শুল্ক ভাৰতৰ কনছ’লিডেটেড পুঁজীলৈ যায়৷ ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডলৈ সংগ্রহিত জল শুল্ক ঘূৰাই দিয়া সম্পৰ্কে ১৯৯৮ চনৰ ১ জানুৱাৰীৰ পৰা লাগু হোৱা সংশোধিত নীতি অনুসৰি, ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডৰ দ্বাৰা সংগ্রহিত শুল্কৰ ৮০%, জল শুল্ক আইন,১৯৭৭ ৰ মতে বোৰ্ডক খৰচৰ বাবে ওভটাই দিয়া হয় ৷ কেন্দ্রীয় চৰকাৰৰ দ্বাৰা অনুমোদিত আৰু কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে দেশৰ বাকী প্রান্ত্ত হাতত লোৱা অন্যান্য্ কাৰ্য্সূচীৰ বাবে ২০% ধন কেন্দ্রীয় চৰকাৰৰ ওচৰত থাকে ৷
জল শুল্ক আইনৰ অধীনত অহা সকলো উদ্যোগ ৰাজ্যিক বোৰ্ডে চিনাক্ত কৰি নিজৰ আওটালৈ আনিছে ৷ আনহাতে সময়মতে শুল্ক আদায় নিদিয়া স্থানীয় নিকায়, ৰেল বিভাগ, ভিন ভিন উদ্যোগ আদিৰ ক্ষেত্রতো বিহীত ব্যৱস্থা লোৱা হৈছে ৷